৩৫ বছৰীয়া টাডা গোচৰৰ অন্তঃ ৩১ জন প্ৰাক্তন আলফা নেতাক দোষমুক্ত ঘোষণা আদালতৰ…

টাডাৰ গোচৰত দোষমুক্ত ঘোষণা ৩১ জন আলফা নেতা। তথ্য অনুসৰি প্ৰায় ৩৫ বছৰ পূৰ্বে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰা হৈছিল। ২৫ বছৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ অন্তত আজি ৰায়দান কৰে আদালতে।

৩৫ বছৰীয়া টাডা গোচৰৰ অন্তঃ ৩১ জন প্ৰাক্তন আলফা নেতাক দোষমুক্ত ঘোষণা আদালতৰ...

অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা

Published: 

20 Aug 2025 20:56 PM

তাৰিখ পে তাৰিখ…হিন্দী চিনেমাৰ ডায়লগৰ দৰে হৈ পৰা এটা গোচৰৰ আজি অন্ত পৰে। অৱশেষত টাডাৰ এটা গুৰুত্বপূৰ্ণ গোচৰ ৰায়দান কৰি আদালতে কেইবাজনো অভিযুুক্তক দোষমুক্ত ঘোষণা কৰে। প্ৰায় ২৫ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বুধবাৰ (২০ আগষ্ট)য়ে বিশেষ সন্ত্ৰাসবাদী আৰু বিঘ্নিতকাৰী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (TADA) আদালতে ৩৫ বছৰীয়া এটা গোচৰত ৰায়দান কৰি অসমৰ দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পেলায়। যাৰ অধীনত আদালতে কেইবাজনো অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।

১৯৯১ চনত দিছপুৰ থানাত গোচৰ নং ১/১৯৯১ গোচৰ ৰুজু হৈছিল। সেই গোচৰৰে ৩১ জন অভিযুক্তক আদালতে দোষমুক্ত কৰে। এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে সন্ত্ৰাস সৃষ্টি কৰা, ধন দাবী কৰাকে ধৰি অন্যান্য অবৈধ কামত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

দোষমুক্ত হোৱাসকলৰ ভিতৰত আছে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া, প্ৰদীপ গগৈ, আৰবিন্দ ৰাজখোৱা, মুনিন নোবিছ, কল্পজ্যোতি নেওগ, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, সুনীল নাথ, অন্নধৰ শইকীয়াৰ লগতে আৰু কেইবাজন। এই গোচৰটো অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ), ধাৰা ১০(৩), টাডা আইনৰ ধাৰা ৩ আৰু ৪ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত চলিছিল। এই গোচৰৰ প্ৰক্ৰিয়া ২০০১ চনত আনুষ্ঠানিকভাৱে চলিছিল।

আদালতৰ ৰায়দানৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই কয় যে, “এই ৰায়দানত আমি সন্তুষ্ট। চৰকাৰে বৈধ নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে যাৰ বাবে আমাক দোষমুক্ত ঘোষণা কৰিলে। লিখিত ৰায়দানৰ বাবে কিছু সময় লাগিব যদিও বৰ্তমানলৈকে এয়াই আমাৰ বাবে ন্যায়। অনাগত দিনত আমি জাতি আৰু সমাজৰ বাবে কাম কৰি যাম”।

চেতিয়াই কয় যে, ১০–১১জন অভিযুক্তৰ সৈতে জড়িত আৰু এটা টাডা গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে। তেওঁ আৰু কয়, আমাৰ আৰু এটা টাডা গোচৰ বাকী আছে। অৱশ্যে আজিৰ গোচৰটোৰ সৈতে বহু লোক জড়িত আছিল।

এসময়ৰ আলফাৰ অধ্যক্ষ অৰবিন্দ ৰাজখোৱাই এই বিষয়টো সন্দৰ্ভত কয় যে, তেওঁৱো এই ৰায়ত সুখী। তেওঁ কয়, “এই ৰায়ৰ বাবে আমি বহু বছৰ অপেক্ষা কৰি আছিলো। আমি ন্যায়াধীশসকলৰ ওচৰত কৃতজ্ঞ।অৱশ্যে আমাৰ বিৰুদ্ধে আৰু এটা গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে”।

উল্লেখ্য যে, আদালতৰ আজিৰ সিদ্ধান্তই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয়নো আজি টাডাৰ গোচৰত ৩১ জন অভিযুক্তক দোষমুক্ত কৰা হয়। প্ৰায় ৩৫ বছৰৰ অন্তত এক ডাঙৰ গোচৰৰ আজি অন্ত পৰে।

 

 

অন্য খবৰ পঢ়কঃ চৰাইদেউৰ ঐতিহাসিক ভূঞা পুখুৰীত প্ৰশাসনৰ উচ্ছেদ, ভাঙি পেলোৱা হ’ল বেদখলকাৰীৰ বাসগৃহ…

গণেশ চতুৰ্থীত কেনেকৈ সন্তুষ্ট কৰিব গণপতি বাপ্পাক?
পাকঘৰত ব্যৱহাৰ কৰা এইসমূহ বস্তু হ'ব পাৰে কৰ্কট ৰোগৰ কাৰণ, জানক...
আপোনাৰ হাতলৈ অহা নাই নেকি আশানুৰূপ ধন? তেন্তে আজিয়েই কৰক এই কাম!
৩০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ...