এতিয়াৰ পৰা ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ’ব চৰকাৰী চিকিৎসালয়তঃ স্বাস্থ্যমন্ত্ৰী

এতিয়াৰে পৰা চৰকাৰী হাস্পাতাসমূহত ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ'ব। ইয়াৰোপৰি এই ঔষধ বিচাৰি নাপালে আপুনি অভিযোগ দাখিল কৰিব পাৰে। স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰে এই কথা।

এতিয়াৰ পৰা ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হব চৰকাৰী চিকিৎসালয়তঃ স্বাস্থ্যমন্ত্ৰী

অশোক সিংহল

Published: 

26 Aug 2025 16:59 PM

দিছপুৰৰ লোকসেৱা ভৱনত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে। এই সময়চোৱাত তেওঁ কেইবাটাও ডাঙৰ ঘোষণা কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ প্ৰতিখন চৰকাৰী হাস্পতালত এতিয়াৰে পৰা ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ’ব । ইয়াৰোপৰি ৰাজ্যৰ ৪৮৭৩ টা আয়ুষ্মান আৰোগ্য মন্দিৰত উপলব্ধ থাকিব ৩০ বিধ অত্যাৱশ্যকীয় ঔষধ।

লগতে কয় যে, ১০১৮ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপলব্ধ থাকিব ১২৫ বিধ অত্যাৱশ্যকীয় ঔষধ। ২২১ খন সামূহিক, ১৭ খন মহকুমা স্বাস্থ্য কেন্দ্ৰ আৰু ২২ খন জিলা হাস্পতালত উপলব্ধ থাকিব ২৬১ বিধকৈ ঔষধ। চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত ৩৫২ বিধ অত্যাৱশ্যকীয় ঔষধ, ৬৯ বিধ বিশেষ ঔষধ উপলব্ধ থাকিব।ৰাজ্যৰ ৯৯ শতাংশ চিকিৎসালয়তে অত্যাৱশ্যকীয় ঔষধসমূহ ইতিমধ্যে উপলব্ধ কৰা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

তেওঁ আৰু কয় যে, বহু চিকিৎসকে জেনেৰিক ঔষধৰ সলনি ব্ৰেণ্ডেড ঔষধ লিখি দিয়ে। যাৰ ফলত চৰকাৰী ঔষধৰ ফাৰ্মাচীত সেই ঔষধ বিচাৰি নাপায়। কিন্তু এতিয়াৰে পৰা চৰকাৰী চিকিৎসালত বিনামূলীয়া ঔষধ বিচাৰি নাপালে জনসাধাৰণে হোৱাটছএপযোগে দিব পাৰিব অভিযোগ। তেনে ক্ষেত্ৰত জনতাই ৯৮৬৪৫৪১৪৩৯ নম্বৰত অভিযোগ দিব পাৰিব স্বাস্থ্য বিভাগত। ইয়াৰোপৰি প্ৰতিখন চিকিৎসালয়ৰ ফাৰ্মাচীৰ সন্মুখত লগোৱা থাকিব ঔষধৰ তালিকা।

চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ সন্দৰ্ভতো মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ৰাজ্যত বিশেষজ্ঞ চিকিৎসকৰ অভাৱ আছে। সংজ্ঞাহাৰক চিকিৎসক তুলনামূলকভাবে কম হোৱাৰ বাবে প্ৰসূতি বিভাগত অসুবিধা হৈছে। বৰ্তমান অসমত ১ হাজাৰ জনসংখ্যাৰ বিপৰীতে ১ জন চিকিৎসক উপলব্ধ আছে।

ইয়াৰোপৰি অহা বছৰৰ পৰা MBBS ডাক্তৰৰ নতুন বেটছ আহিলে চিকিৎসকৰ অভাৱ পূৰণ হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। লগতে কয় যে, চিকিৎসকৰ অভাৱ পূৰণ হ’লে আগন্তুক দিনত ২৫ কিলোমিটাৰৰ দূৰে দূৰে একোটাকৈ চিজাৰিয়েন কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা আছে। বৰ্তমান ৰাজ্যত ৮৮ টা FRU আছে। চলিত বৰ্ষৰ ভিতৰত ১০০ টালৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰখা হৈছে।

ৰজ্যত বৃদ্ধি পোৱা এইচ আই ভি সংক্ৰমণ সন্দৰ্ভতো মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, HIVৰ সংক্ৰমণ এক চিন্তাৰ কাৰণ হৈ পৰিছে। নিষিদ্ধ ড্ৰাগছ আৰু অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে HIVৰ সংক্ৰমণ বৃদ্ধি পাইছে। একাংশ লোকৰ সচেতনতাৰ অভাৱৰ  বাবে নিজে নিজে এই ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে। AIDS নিয়ন্ত্ৰণ সমিতিয়ে এইক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা হাতত লৈছে। কিন্তু ৰাইজ সচেতন নহ’লে চৰকাৰে অকলে একো কৰিব নোৱাৰে বুলি কয় তেওঁ।

 

অন্য খবৰ পঢ়কঃ ছৈয়দা হামিদৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ অসম নাগৰিক সন্মিলনৰ…

 

দাঁতৰ বিষত ভুগিছে নেকি ? এই প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা তৎক্ষণাত সকাহ পাওক
গণেশ চতুৰ্থীত বিৰল কাকতালীয় সংযোগ, এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!
নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা
৫০০ বছৰ পাছত গণেশ চতুৰ্থীত বিৰল সংযোগ! ভাল দিন আহিব এইসকল লোকৰ...