ভাৰত-পাক যুদ্ধত ভূপতিত হৈছিল ৭ খন জেট! যুদ্ধবিৰতিৰ স্ব-কৃতিত্বৰ গুণ বখানি ট্ৰাম্পৰ ডাঙৰ দাবী

ভাৰত-পাক যুদ্ধ পাৰমাণৱিক পৰ্যায়লৈ গতি কৰিলেহেঁতেন বুলিও ট্ৰাম্পে দাবী কৰে। সংবাদমেলত ড’নাল্ড ট্ৰাম্পে লগতে আন এক বৃহৎ দাবীও কৰিছে। ভাৰত-পাক সংঘাতত ৭খন যুদ্ধ বিমান ভূপতিত হোৱা বুলি দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

ভাৰত-পাক যুদ্ধত ভূপতিত হৈছিল ৭ খন জেট! যুদ্ধবিৰতিৰ স্ব-কৃতিত্বৰ গুণ বখানি ট্ৰাম্পৰ ডাঙৰ দাবী

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

Updated On: 

26 Aug 2025 08:07 AM

পুনৰবাৰ ভাৰত-পাকিস্তান যুদ্ধৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত নিজ কৃতিত্ব দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। যোৱা মে’ মাহত দুই চুবুৰীয়া দেশৰ মাজত সৃষ্টি হোৱা সংঘাতে ক্ৰমাৎ এক ভয়াৱহ ৰূপ ধাৰণৰ দিশে অগ্ৰসৰ হৈছিল। সামৰিক সংঘৰ্ষ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰাৰ সময়তে অৱশ্যে দুয়োদেশে যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে সেই সময়তে তেওঁৰ মধ্যস্থতাত একই যুদ্ধৰ অৱসান ঘটা বুলি দাবী কৰিছিল। কিন্তু ভাৰতে ট্ৰাম্পৰ এই দাবী বাৰে বাৰে খণ্ডন কৰি আহিছে।

সোমবাৰে হোৱাইট হাউছত এক সংবাদমেল সম্বোধন কৰি ট্ৰাম্পে ভাৰত-পাক যুদ্ধকে ধৰি বিশ্বৰ সাতখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰে। ট্ৰাম্পৰ মতে, এই যুদ্ধসমূহৰ ভিতৰত চাৰিখন তেওঁ শুল্ক আৰু বাণিজ্যৰ জৰিয়তে বন্ধ কৰি দিছিল। এই দেশসমূহৰ ওপৰত ট্ৰাম্পে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াৰ পিছত যুদ্ধবিৰতি কৰিবলৈ বাধ্য হৈছিল বুলি ট্ৰাম্পে দাবী কৰে।

ট্ৰাম্পৰ স্পষ্ট দাবী, “মই এই সকলো যুদ্ধ বন্ধ কৰি দিছো। এই বৃহৎ যুদ্ধবোৰৰ ভিতৰত এখন ভাৰত আৰু পাকিস্তানৰ মাজত হ’লহেঁতেন৷” ভাৰত-পাক যুদ্ধ পাৰমাণৱিক পৰ্যায়লৈ গতি কৰিলেহেঁতেন বুলিও ট্ৰাম্পে দাবী কৰে। সংবাদমেলত ড’নাল্ড ট্ৰাম্পে লগতে আন এক বৃহৎ দাবীও কৰিছে। ভাৰত-পাক সংঘাতত ৭খন যুদ্ধ বিমান ভূপতিত হোৱা বুলি দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

অৱশ্যে এই ভূপতিত যুদ্ধ বিমানকেইখন কোন দেশৰ, সেই বিষয়ে কোনো স্পষ্ট মন্তব্য কৰা নাই ৰাষ্ট্রপতি ট্রাম্পে। উল্লেখ্য যে প্ৰথমৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ দাবী কৰি আহিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। যোৱা সপ্তাহতো ট্ৰাম্পে ভাৰত-পাক যুদ্ধৰ লগতে আন ছয়খন যুদ্ধ বন্ধ কৰি দিয়া বুলি দাবী কৰিছিল।

ড’নাল্ড ট্ৰাম্পৰ এই দাবী অৱশ্যে ভাৰতে নাকচ কৰি আহিছে। ভাৰতে ধাৰাবাহিকভাৱে দুয়োখন দেশৰ সামৰিক সঞ্চালক প্ৰধানৰ মাজত প্ৰত্যক্ষ আলোচনাৰ জৰিয়তে যুদ্ধবিৰতিৰ সিদ্ধান্তত সহমতত উপনীত হোৱা বুলি স্পষ্ট কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ট্ৰাম্পৰ এই দাবী নাকচ কৰি সংসদত অপাৰেচন সেন্দূৰ বন্ধ কৰাত কোনো তৃতীয় দেশৰ ভূমিকা নাই বুলি মন্তব্য কৰিছিল।

ভগৱান গণেশৰ আছিল দুগৰাকী পত্নী, পিছে তেওঁৰ শহুৰেকৰ নাম কি আছিল জানেনে?
কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...