আমেৰিকাত পুনৰীক্ষণ হ’ব ৫.৫ কোটি ভিছা, ৫২ লাখ ভাৰতীয়ৰ ওপৰত পৰিব পাৰে প্ৰভাৱ
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি অপৰাধমূলক, সন্ত্ৰাসবাদী বা আমেৰিকা বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত আৰু ভিছাৰ সময়সীমা অতিক্ৰম কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এতিয়া আমেৰিকাত থকা ৫২ লাখ ভাৰতীয়ৰ কি হ'ব...

আমেৰিকাত হ'ব ভিছা পুনৰীক্ষণ
আমেৰিকাত বাস কৰা ৫.৫ কোটিতকৈ অধিক বিদেশী নাগৰিকৰ ভিছা পৰ্যালোচনা কৰা হৈছে। অনুপ্ৰৱেশৰ নিয়ম উলংঘা কৰা বিদেশীৰ ভিছা বাতিল কৰি দেশলৈ বিতাড়িত কৰা হ’ব তেনে লোকক। এই তদন্তৰ ফলত ৫২ লাখ ভাৰতীয়ও প্ৰভাৱিত হ’ব। আমেৰিকাত আছে ৫০ লাখৰো অধিক ভাৰতীয় নন-ইমিগ্ৰেণ্ট ভিছাধাৰী। ভাৰতত থকা আমেৰিকাৰ দূতাবাসে একেৰাহে দ্বিতীয় বছৰৰ বাবে ২০২৪ চনত ১০ লাখৰো অধিক নন-ইমিগ্ৰেণ্ট ভিছা প্ৰদান কৰিছিল।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি অপৰাধমূলক, সন্ত্ৰাসবাদী বা আমেৰিকা বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত আৰু ভিছাৰ সময়সীমা অতিক্ৰম কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিদেশী নাগৰিকৰ ছ’চিয়েল মিডিয়া একাউণ্ট পৰীক্ষা কৰা হ’ব। ভিছাধাৰীজনৰ বিৰুদ্ধে তেওঁৰ দেশত কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি সেয়াও চোৱা যাব।
২০২৫ চনত বিতাড়িত ২ লাখৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰী
আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফ’ৰ্চমেণ্টে ২০২৫ চনত ২ লাখতকৈ অধিক অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিছে। ইয়াৰে ৭৫% অনুপ্ৰৱেশকাৰীক অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। বিতাড়িত মুঠ লোকৰ ভিতৰত ৩৫-৪০% লোক আছিল মেক্সিকান নাগৰিক। তেওঁলোকক বিতাড়িত কৰাৰ কাৰণ আছিল – আমেৰিকাত অবৈধ প্ৰৱেশ, ভিছাৰ সময়সীমা অতিক্ৰম কৰা বা অপৰাধমূলক কাৰ্যত জড়িত হোৱা।
২০২৫ চনৰ ২০ জানুৱাৰীৰ পৰা ২২ জুলাইৰ ভিতৰত ১৭০৩ জন ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল পঞ্জাৱৰ ৬২০ জন, হাৰিয়ানাৰ ৬০৪ জন আৰু গুজৰাটৰ ২৪৫ জন। অৱশ্যে ভিছাধাৰী ভাৰতীয়ৰ সংখ্যাৰ বিষয়ে জানিব পৰা হোৱা নাই। এই ভাৰতীয়সকলৰ বহুতৰে ভিছাৰ সময়সীমা শেষ হৈ গৈছিল আৰু বহুতৰে নথি-পত্ৰৰ অভাৱ দেখা গৈছিল। আমেৰিকাত প্ৰায় ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা হৈছে, যিসকলক ভাৰতলৈ ঘূৰাই পঠিওৱা হ’ব।
ভাৰতীয়সকল আমেৰিকাত দ্বিতীয় বৃহত্তম এছিয়ান নাগৰিক
পিউ ৰিচাৰ্চ চেণ্টাৰৰ প্ৰতিবেদন অনুসৰি আমেৰিকাত বসবাস কৰা এছিয়ান জনসংখ্যাৰ ভিতৰত ভাৰতীয়সকলৰ সংখ্যা দ্বিতীয় বৃহত্তম। এতিয়া আমেৰিকাৰ মুঠ এছিয়ান জনসংখ্যাৰ প্ৰায় ২১% ভাৰতীয় আমেৰিকানসকলৰ। প্ৰব্ৰজনৰ ধাৰা আৰু জনসংখ্যা বৃদ্ধিৰ বাবে যোৱা ২ দশকত আমেৰিকাত ভাৰতীয় জনসংখ্যা বৃদ্ধি পাইছে।
২০০০ চনৰ পৰা ভাৰতীয় জনসংখ্যা ১৭৪% বৃদ্ধি পাইছে। ২০০০ চনত আমেৰিকাত ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ সংখ্যা আছিল ১৩ লাখ, যিটো ২০২৩ চনৰ ভিতৰত ৩২ লাখলৈ বৃদ্ধি পাইছে। এই প্ৰব্ৰজনকাৰী জনসংখ্যাৰ ভিতৰত ৬০% লোকে ১০ বছৰতকৈ অধিক সময় আমেৰিকাত বাস কৰি আহিছে। ৫১% লোকে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছে।
কেলিফৰ্ণিয়াত ৯.৬০ লাখ ভাৰতীয় মূলৰ লোক
সৰ্বাধিক ভাৰতীয় মূলৰ লোকে কেলিফৰ্ণিয়াত বাস কৰে। এই জনসংখ্যা প্ৰায় ৯.৬ লাখ। টেক্সাছত ভাৰতীয় মূলৰ লোক আছে ৫.৭ লাখ, নিউ জাৰ্চিত ৪.৪ লাখ, নিউয়ৰ্কত ৩.৯ লাখ আৰু ইলিনয়ত ২.৭ লাখ লোক আছে। নিউয়ৰ্কত ভাৰতীয় মূলৰ ৭.১ লাখ, ডালাছত ২.৭ লাখ আৰু ছান ফ্ৰান্সিস্কোত ২.৬ লাখ লোক আছে।