শোকাবহ! নামাজ পঢ়ি থকাৰ সময়তে মছজিদত আক্ৰমণ, ৪৩ জনৰ মৃত্যু…
বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধসদৃশ পৰিবেশৰ মাজতে পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ কাণ্ড। এটা মছজিদত সংঘটিত হয় ভয়ংকৰ ড্ৰ'ণ আক্ৰমণৰ ঘটনা। যাৰ ফলত ৪০ জনৰো অধিক লোকৰ মৃত্যু হয়।

চুডান
বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া চলি আছে অৰাজকতাময় পৰিস্থিতি। ইয়াৰ মাজতে নামাজ পঢ়ি থকাৰ সময়ত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ আহি পৰিছে। জানিব পৰা মতে, শুকুৰবাৰে পুৱা চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী আল-ফাশ্বাৰ চহৰৰ মছজিদত ড্ৰ’ণ আক্ৰমণ চলে। নামাজ পঢ়ি থকাৰ মাজতে চলা এই আক্ৰমণৰ ফলত প্ৰায় ৪৩ জন লোকৰ মৃত্যু হয়। এইসকলৰ ভিতৰত শিশু আৰু বৃদ্ধও আছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চুডান ডাক্তৰ নেটৱৰ্কে এই আক্ৰমণক গৰিহনা প্ৰদান কৰি কয় যে, অৰ্ধসৈনিকসকলৰ এই আক্ৰমণ মানৱতা, ধৰ্মীয় মূল্যবোধ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি প্ৰকাশ কৰা অৱজ্ঞাক বুজায়।
ঘটনা সন্দৰ্ভত পোহৰলৈ অহা তথ্য অনুসৰি শুকুৰবাৰে এই আক্ৰমণ হয়। এই সন্দৰ্ভত আল ফাশ্বাৰৰ ৰেজিষ্টেন্স কমিটীয়ে এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত দেখা গৈছে যে আক্ৰমণৰ ফলত মছজিদটো ধ্বংসাৱশেষলৈ পৰিণত হৈছে। লগতে চাৰিওফালে পৰি আছে কেইবাটাও মৃতদেহ। দ্যা ৰেছিচটেন্ট কমিটি হৈছে আল ফাশ্বৰৰ স্থানীয় নাগৰিক আৰু মানৱ অধিকাৰ কৰ্মীৰ এটা গোট যিয়ে এনে নিৰ্যাতনসমূহৰ ওপৰত নজৰ ৰাখে।
মছজিদটোৰ সঠিক স্থান সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক কোনো তথ্য পোহৰলৈ অহা নাই। যোৱা এসপ্তাহত আল ফাশ্বাৰত আৰ এছ এফ আৰু সেনাৰ মাজত তীব্ৰ যুদ্ধৰ সৃষ্টি হোৱা ধাৰাবাহিক আক্ৰমণৰ ভিতৰত এই আক্ৰমণ অন্যতম। উল্লেখ্য যে, ২০২৩ চনৰ এপ্ৰিল মাহত সেনা আৰু আৰ এছ এফৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। পাছলৈ ই গৃহযুদ্ধলৈ পৰিণত হয়। বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে, গৃহযুদ্ধত কমেও ৪০ হাজাৰ লোকৰ মৃত্যু হৈছে, ১ কোটি ২০ লাখতকৈ অধিক লোক গৃহহীন হৈছে। ইমানেই নহয়, ই বহু মানুহক দুৰ্ভিক্ষলৈ ঠেলি দিছে।
অন্য খবৰ পঢ়কঃ আমি প্ৰতিশোধ ল’ব জানো- ভাৰতক পুনৰ ভাবুকি পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহৰ…