উৎখাত হ’ব নেকি ইউনুছ চৰকাৰ! সমৰ্থকক যমুনালৈ লং মাৰ্চৰ আহ্বান হাছিনাৰ

বিগত বৰ্ষত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল শ্বেখ হাছিনাই। তাৰ পিছৰ পৰাই দেশৰ বাহিৰত আশ্ৰয় গ্ৰহণ কৰি থকা হাছিনাই এতিয়া গোপালগঞ্জৰ এই পৰিস্থিতিৰ মাজতে সমৰ্থকলৈ দিছে এক বিশেষ বাৰ্তা। ইউনুছ প্ৰশাসনৰ সৈতে চলি থকা সংঘাতৰ মাজতে হাছিনাই তেওঁৰ সমৰ্থকক ইউনুছ চৰকাৰ উৎখাত কৰিবলৈ আহ্বান জনাইছে।

উৎখাত হ’ব নেকি ইউনুছ চৰকাৰ! সমৰ্থকক যমুনালৈ লং মাৰ্চৰ আহ্বান হাছিনাৰ

ইউনুছ চৰকাৰক উৎখাতৰ আহ্বান হাছিনাৰ

Published: 

18 Jul 2025 11:56 AM

পুনৰ উত্তপ্ত হৈছে বাংলাদেশ দেশখনত পুনৰ উদ্ভৱ হোৱা এই উত্তেজনাৰ কেন্দ্ৰস্থল হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ জন্মভূমি গোপালগঞ্জ সংঘৰ্ষজৰ্জৰ গোপালগঞ্জত যোৱা দুদিন ধৰি সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ এনে পৰিস্থিতিত গোপালগঞ্জত প্ৰশাসনে জাৰি কৰিছে কাৰ্ফিউ, বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা অৱশ্যে পূৰ্বৰ তুলনাত সাময়িকভাৱে উত্তেজনা লাঘৱ হৈছে গোপালগঞ্জত। জন্মভূমি গোপালগঞ্জৰ এই পৰিৱেশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে শ্বেখ হাছিনাই

বিগত বৰ্ষত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল শ্বেখ হাছিনাই তাৰ পিছৰ পৰাই দেশৰ বাহিৰত আশ্ৰয় গ্ৰহণ কৰি থকা হাছিনাই এতিয়া গোপালগঞ্জৰ এই পৰিস্থিতিৰ মাজতে সমৰ্থকলৈ দিছে এক বিশেষ বাৰ্তা ইউনুছ প্ৰশাসনৰ সৈতে চলি থকা সংঘাতৰ মাজতে হাছিনাই তেওঁৰ সমৰ্থকক ইউনুছ চৰকাৰ উৎখাত কৰিবলৈ আহ্বান জনাইছে

বুধবাৰে মাজনিশা শ্বেখ হাছিনাই ইউনুছ চৰকাৰক উৎখাত কৰাৰ উদ্দেশ্যে সমৰ্থকসকলক প্ৰতিবাদলৈ ওলাই আহিবলৈ আহ্বান জনায় শাসকীয় ইউনুছ চৰকাৰে জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়া বুলি উল্লেখ কৰে হাছিনাই আৰু সেয়ে এই চৰকাৰক উফৰাই পেলাব লাগিব বুলি মন্তব্য কৰে

ইফালে বিগত বৰ্ষৰ জুলাই মাহত হোৱা প্ৰতিবাদৰ পিছতে গঠিত নেচনেল চিটিজেন পাৰ্টিৰ বিৰুদ্ধে সৰৱ হৈ পৰে শ্বেখ হাছিনা এন চি পিক ধন দাবীৰ মাষ্টৰ আখ্যা দি হাছিনাই লগতে গোপালগঞ্জত সংঘটিত হোৱা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে এই ঘটনাক যথেষ্ট জঘন্য বুলি অভিহিত কৰি তেওঁ লগতে ঘটনাৰ সময়ত সেনাৰ আচৰণো স্পষ্টকৈ প্ৰকাশ পাইছে বুলি উল্লেখ কৰে

শ্বেখ হাছিনাই লগতে সমৰ্থকসকলক আজি যমুনালৈ লং মাৰ্চ অৰ্থাৎ প্ৰতিবাদী সমদল উলিয়াবলৈ আহ্বান জনাইছে। উল্লেখ্য যে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্যালয় আৰু মহম্মদ ইউনুছৰ বাসগৃহ এই যমুনাতে অৱস্থিত। কেইমাহমান পূৰ্বে বাংলাদেশৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ দাবীত প্ৰতিবাদ কৰাৰ সময়ত এই যমুনা ভৱন ঘেৰাও কৰিছিল। এতিয়া শ্বেখ হাছিনাৰ মন্তব্যত এনে এক সম্ভাৱনাই প্ৰতিফলিত হৈছে

Sawan 2025: শাওনৰ প্ৰথম সোমবাৰে এই মন্ত্ৰৰে কৰক শিৱক আৰাধনা, পূৰণ হ’ব সকলো ইচ্ছা!
ভগৱান শিৱৰ প্ৰিয় এই ৪ ৰাশিৰ লোক, সদায় লগত থাকে...
শাওনৰ প্ৰথম সোমবাৰে শিৱলিংগত অৰ্পণ কৰক এই ৭টা বস্তু, পূৰণ হ'ব সকলো মনোকামনা
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?