আঁৰত কোন! ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ বাসগৃহৰ পৰা কিছু নিলগতে ঘটিল বিস্ফোৰণ, প্ৰাণ গ’ল সেনা জেনেৰেলৰ

ৰাছিয়াৰ ৰাজধানী মস্কোত সংঘটিত এক বোমা বিস্ফোৰণে সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে ৰাছিয়াৰ এগৰাকী সেনা জেনেৰেলৰ। ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই বোমা বিস্ফোৰণ।

আঁৰত কোন! ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ বাসগৃহৰ পৰা কিছু নিলগতে ঘটিল বিস্ফোৰণ, প্ৰাণ গ’ল  সেনা জেনেৰেলৰ

বিস্ফোৰণত নিহত ৰুছ সেনা জেনেৰেল

monjit-dutta
Published: 

25 Apr 2025 22:10 PM

বিশ্বৰ ভিন্নপ্ৰান্তত এতিয়া অশান্তময় পৰিস্থিতিৰ ছাঁ। এফালে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত, আনফালে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ ভয়াৱহতাই সৃষ্টি কৰা আতংকৰ পিছত এতিয়া দেখা গৈছে ভাৰত-পাক সংঘাতৰ অশনি সংকেত। এনে অশান্তময় পৰিস্থিতিৰ মাজতে এইবাৰ ৰাছিয়াৰ ৰাজধানী মস্কোত সংঘটিত এক বোমা বিস্ফোৰণে সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে ৰাছিয়াৰ এগৰাকী সেনা জেনেৰেলৰ। ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই বোমা বিস্ফোৰণ।

বিস্ফোৰণৰ পিছতে ৰাছিয়াৰ নিৰাপত্তা সংস্থাই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। এই বোমা বিস্ফোৰণ কেনেকৈ হ’ল, তথা ইয়াৰ আঁৰত কোন জড়িত থাকিব পাৰে সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ৰুছ চৰকাৰে। ৰাছিয়া টুডেৰ তথ্য অনুসৰি এই বোমা বিস্ফোৰণ সংঘটিত হৈছে পূব উপকণ্ঠ বালাশিখাত। ক্ৰেমলিনৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত এই বালাশিখা চহৰ অৱস্থিত। বোমা বিস্ফোৰণৰ পিছত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে সেনা জেনেৰেলগৰাকীৰ বাহনখন।

নিহত এই সেনা জেনেৰেলগৰাকীৰ নাম ইয়াৰোস্লাভ মস্কালিক বুলি প্ৰকাশ পাইছে। ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে, ইয়াৰোস্লাভ মস্কালিকে নিজ বাসগৃহৰ পৰা ওলাই বাহনত বহি পৰাৰ লগে লগে বাহনখন বিস্ফোৰণ ঘটে। বাহনখন বিস্ফোৰণৰ বাবে ভিতৰত ৩০০ টিএনটি ক্ষমতাৰ সমপৰ্যায়ৰ বোমা স্থাপন কৰা হৈছিল বুলি ৰুছ সংবাদ মাধ্যমে উল্লেখ কৰিছে। বিস্ফোৰণৰ পিছত বাহনখন বহুধা বিভক্ত হৈ পৰে আৰু থিতাতে মৃত্যু হয় জেনেৰেলজনৰ।

ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে, জেনেৰেল মস্কালিকক ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অত্যন্ত বিশ্বাসী হিচাপে গণ্য কৰা হৈছিল। মস্কালিকে কেইবাবাৰো পুটিনৰ হৈ কিছু কিছু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১৪ চনত মেজৰ জেনেৰেল মস্কালিকে মিনস্ক চুক্তি সম্পাদিত কৰিছিল। ঘটনাৰ পিছতে ৰাছিয়াৰ নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। মস্কালিকে বাস কৰা অঞ্চলটোক ৰাছিয়াৰ এক আড়ম্বৰপূৰ্ণ অঞ্চল হিচাপে গণ্য কৰা হয়।

এনে পৰিস্থিতিত নিৰাপত্তাৰক্ষী বিষয়াসকলে বাহনখন কিদৰে সংযোজিত কৰা হৈছিল সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে। এই বিস্ফোৰণত ৰুছ বিৰোধী শক্তি, বিশেষকৈ ইউক্ৰেইন জড়িত থাকিব পাৰে নেকি, সেই বিষয়তো তদন্ত আৰম্ভ কৰিছে বুলি স্থানীয় সংবাদ প্ৰতিষ্ঠানে উল্লেখ কৰিছে।

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক