India Pakistan Tensions: ভাৰতৰ বিৰুদ্ধে সকলো প্ৰচেষ্টা বিফল ! শেহতীয়া সামৰিক উত্তেজনাৰ ফলত কিমান টকা হেৰুৱালে পাকিস্তানে ?

অপাৰেচনৰ সেন্দূৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত থকা কেইটাবাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে ভাৰতে । কিন্তু পাকিস্তানে ইয়াৰ পাছতে ভাৰতত সামৰিক আক্ৰমণৰ চেষ্টা চলায় । একে সময়তে পাকিস্তানৰ সেই প্ৰচেষ্টা বিফল কৰাত সফল হয় ভাৰত । প্ৰশ্ন হয় ভাৰতৰ ওপৰত সামৰিক আক্ৰমণৰ চেষ্টা কৰাৰ ফলত পাকিস্তানে কিমান টকা ব্যয় কৰিবলগীয়া হ’ল?

India Pakistan Tensions: ভাৰতৰ বিৰুদ্ধে সকলো প্ৰচেষ্টা বিফল ! শেহতীয়া সামৰিক উত্তেজনাৰ ফলত কিমান টকা হেৰুৱালে পাকিস্তানে ?

ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ প্ৰচেষ্টাত কিমান ব্যয় কৰিলে পাকিস্তানে ?

Published: 

11 May 2025 15:40 PM

ভাৰত-পাকিস্তানে যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পাছতে হ্ৰাস পাইছে সামৰিক উত্তেজনা । পহলগাম আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সেন্দূৰ । এই অপাৰেচনৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত থকা কেইটাবাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে ভাৰতে ।

কিন্তু পাকিস্তানে ইয়াৰ পাছতে ভাৰতত সামৰিক আক্ৰমণৰ চেষ্টা চলায় । একে সময়তে পাকিস্তানৰ সেই প্ৰচেষ্টা বিফল কৰাত সফল হয় ভাৰত । প্ৰশ্ন হয় ভাৰতৰ ওপৰত সামৰিক আক্ৰমণৰ চেষ্টা কৰাৰ ফলত পাকিস্তানে কিমান টকা ব্যয় কৰিবলগীয়া হ’ল?

দেশৰ সংবাদ মাধ্যম জিঅ’ নিউজৰ এক প্ৰতিবেদন অনুসৰি, বিগত কেইসপ্তাহমানৰ ভিতৰত পাকিস্তানে ভাৰতত ওপৰত আক্ৰমণৰ সংঘটিত কৰিবলৈ প্ৰতিদিনে ২৫ মিলিয়ন ডলাৰ বা ২১৩ কোটি টকা ব্যয় কৰিছে। মুঠতে তেওঁলোকৰ মুঠ খৰচ ১০০ কোটি মাৰ্কিন ডলাৰ বা ভাৰতীয় মুদ্ৰাত ৮, ৫০০ কোটি টকাতকৈও অধিক।

তুৰ্কীৰ ড্ৰোন ব্যৱহাৰ কৰাৰ অতিৰিক্ত ৪৫০ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৩,৯২১ কোটি টকা ব্যয় কৰা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। অৱশ্যে তেওঁলোকে এই পৰিমাণৰ ধন কেৱল ব্যৰ্থ ড্ৰ’ন আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা নাছিল। যিখিনি বাকী থাকিল সেইখিনিৰে সীমান্ত ব্যৱস্থা সক্ৰিয় কৰি সীমান্তলৈ সৈন্য পঠোৱাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছিল ।

ইমান কোটি টকা খৰছ কৰাৰ পাছতো পাকিস্তানে ভাৰতত কোনো ধৰণৰ আঘাত সানিব পৰা নাছিল । তুৰস্কৰ পৰা ড্ৰোন অনাৰ পিছতো পাকিস্তানৰ সকলো প্ৰচেষ্টা বিফল কৰিছিল ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ।

ব্ৰেইন টিউমাৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ হয় ? সবিশেষ জানক
কি কাৰণত দ্ৰুতগতিত চুলি সৰে ? কেনেকৈ ৰোধ কৰিব ? জানক
বেলুচিস্তান পৃথক হ'লে পাকিস্তানৰ ওচৰত কিমান শতাংশ অঞ্চল থাকিব? জানক...
এটা পৰমাণু বোমা নিৰ্মাণ কৰিলে কিমান খৰচ হয়? শুনিলে হ'ব আচৰিত....