Pakistan Blast: পাকিস্তানত আদালতৰ বাহিৰত ৰখাই থোৱা গাড়ীত বিস্ফোৰণঃ এতিয়ালৈকে মৃত্যু ১২ জনৰ, আহত বহুতো…
Pakistan Blast: ভয়ংকৰ বিস্ফোৰণে কঁপাই যায় সমগ্ৰ পাকিস্তান। এখন বাহনত হোৱা বিস্ফোৰণৰ ফলত এতিয়ালৈকে ১২ জনৰ মৃত্যু আৰু কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

পাকিস্তান
ভয়ংকৰ বিস্ফোৰণে কঁপাই গ’ল পাকিস্তানৰ ৰাজধানী ইছলামাবাদ। ১১ নৱেম্বৰৰ দুপৰীয়া ইছলামাবাদৰ জিলা আদালতৰ বাহিৰৰ এখন বাহনত এক শক্তিশালী বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৰ্তমান পৰ্যন্ত ১২ জন লোক নিহত হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হৈছে। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ প্ৰায় ৬ কিলোমিটাৰ দূৰলৈ শুনা যায়।
আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত ক’ৰ্ট কমপ্লেক্সত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। তথ্য অনুসৰি, এই ঘটনাৰ ফলত কেইবাখনো বাহন জ্বলি ছাই হৈ যায়, লগতে দোকান-ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰো ক্ষতিগ্ৰস্ত হয়। এতিয়ালৈকে ১২ জনৰ মৃত্যুৰ খবৰ আহিছে যদিও পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা গৈছে যে, চাৰচকীয়া বাহন এখনত লাগি থকা গেছ চিলিণ্ডাৰৰ ফলত এই বিস্ফোৰণ হয়। অৱশ্যে সন্ত্ৰাসবাদীৰ আক্ৰমণ দিশটোৰ পৰাও তদন্ত কৰি আছে আৰক্ষীয়ে। এয়া আত্মঘাতী আক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। আদালতৰ মূল গেটৰ সমীপত ৰখাই থোৱা আছিল বাহনখন। মৃত্যু হোৱা সকলৰ ভিতৰত অধিকাংশ অধিবক্তা আৰু আদালতৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী আৰু বোমা নিষ্কাশন দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। গাড়ীখনত কোনো সন্দেহজনক ব্যক্তি উপস্থিত আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে বিষয়াসকলে।
ইয়াৰ এদিন পূৰ্বে খাইবাৰ পখতুনখোৱা ৱানা চহৰত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সন্ত্ৰাসবাদী ষড়যন্ত্ৰ বিফল কৰিছিল। তথ্য অনুসৰি সেনা পৰিচালিত কেডেট কলেজ এখনত পাকিস্তানী তালিবান (টিটিপি)ৰ ছয়জন সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ চেষ্টা চলাইছিল। কিন্তু পাকিস্তান আৰক্ষীয়ে সেই ষড়যন্ত্ৰ বিফল কৰিছিল। তাৰ পাছতে আজি সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, ১০ নৱেম্বৰত দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই কাণ্ডত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জড়িত হোৱাৰ সন্দেহ কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। ইয়াৰ মাজতে এতিয়া ভয়ংকৰ বিস্ফোৰণে কঁপাই যায় পাকিস্তান।
অন্য খবৰ পঢ়কঃ Delhi Blast Update: দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ সৈতে পাকিস্তানৰ সংযোগ! ডাঃ শ্বাহিনা সন্দৰ্ভত ভয়ংকৰ তথ্য…