খোকন চন্দ্ৰ বৰ্মন কোন? যাৰ বাবে ফাঁচিকাঠত উঠিব লগীয়া হ’ব পাৰে শ্বেখ হাছিনা
এজন ব্যক্তিৰ সাক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভৱিষ্যত। ব্যক্তিজনৰ বক্তব্য আদালতত সত্য প্ৰমাণিত হ'লে সৰ্বোচ্চ শাস্তি ভুগিব পাৰে হাছিনাই। তেওঁ হ'ল খোকন চন্দ্ৰ বৰ্মন। কোন এইগৰাকী ব্যক্তি, চাওক সবিশেষ-

খোকন চন্দ্ৰ বৰ্মন আৰু শ্বেখ হাছিনা
বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগত আৰম্ভ হৈছে বিচাৰ। যোৱা বছৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে হাছিনাই হাজাৰ হাজাৰ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰৰ প্ৰথম সাক্ষী হিচাপে দাখিল কৰা হৈছে খোকন চন্দ্ৰ বৰ্মনক। যদিহে বৰ্মনৰ সাক্ষ্য কাৰ্যকৰী হয়, তেন্তে এই গোচৰত হাছিনাক মৃত্যুদণ্ডৰ শাস্তি দিয়া হ’ব পাৰে।
প্ৰথম আলোৰ খবৰ মতে, দেওবাৰে খোকন চন্দ্ৰ বৰ্মনে সাক্ষ্য দিবলৈ আদালতত হাজিৰ হয়, তাৰ পিছত তেওঁক আদালতৰ প্ৰাৰম্ভিক কাৰ্যবিধিৰ বাবে লৈ যোৱা হয়। শ্বেখ হাছিনা, তেওঁৰ তেতিয়াৰ গৃহমন্ত্ৰী আৰু তেতিয়াৰ আৰক্ষীৰ আই জি এই হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত।
খোকন চন্দ্ৰ বৰ্মন কোন?
হিন্দু সম্প্ৰদায়ৰ অন্তৰ্গত খোকন চন্দ্ৰ বৰ্মন জুলাই মাহৰ আন্দোলনৰ লগত জড়িত আছিল। এই সময়ছোৱাতে ঢাকাৰ জাতৰাবাৰী আৰক্ষী থানাৰ সমীপত গুলীবিদ্ধ হৈছিল। গুলীটো পোনে পোনে খোকনৰ মুখত লাগে, যাৰ ফলত তেওঁৰ মুখখন বিকৃত হৈ পৰে। কিন্তু সৌভাগ্যক্ৰমে গুলীৰ আঘাতত খোকনৰ মৃত্যু হোৱা নাছিল।
শ্বেখ হাছিনাৰ বিৰুদ্ধে অভ্যুত্থানৰ পিছত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে খোকনক বচাবলৈ সকলো প্ৰচেষ্টা চলাইছিল। খোকনৰ লগত স্বাস্থ্য উপদেষ্টাজন নিজেই ৰাছিয়ালৈ গৈছিল। খোকনক তাতেই চিকিৎসা কৰা হৈছিল। বৰ্তমান খোকন বাংলাদেশ আন্দোলনৰ জীৱিত তথা ভুক্তভোগী সাক্ষী।
খোকন ঢাকাৰ বাসিন্দা আৰু বৰ্তমান নাহিদ ইছলামৰ দলৰ সৈতে জড়িত। খোকনে যোৱা বৰ্ষৰ জুলাই মাহৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে চৰকাৰৰ পৰা পেঞ্চন লাভ কৰে। খোকনৰ চিকিৎসাৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে সমগ্ৰ খৰচ বহন কৰিছিল। বাংলাদেশৰ ইউনুচ চৰকাৰে তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থাও কৰিছে।
খোকনে তেওঁৰ সাক্ষ্যত কি কৈছে?
স্থানীয় সংবাদ মাধ্যমৰ মতে, খোকনে সাক্ষ্যত কৈছে যে কেনেদৰে তেওঁৰ সন্মুখত আৰক্ষীয়ে মানুহক গুলীয়াই হত্যা কৰিছিল। আদালতত জাতৰাবাৰী আৰক্ষী থানাৰ সমীপত হোৱা মৃত্যুৰ সজীৱ বৰ্ণনা দিলে খোকনে।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ প্ৰতিবেদন অনুসৰি বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ দিনত প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত আছিল ১০৮টা শিশু। আহত ১৫ হাজাৰৰো অধিক লোক। অৱশ্যে অন্তৱৰ্তীকালীন চৰকাৰে এই পৰিসংখ্যা এতিয়াও নিশ্চিত কৰিব পৰা নাই। দীৰ্ঘদিনীয়া আন্দোলনৰ বাবে অৱশেষত ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশৰ ক্ষমতা ত্যাগ কৰিবলগীয়া হয় শ্বেখ হাছিনাই।