পদে পদে খেদিছে মৃত্যুৰ ভয়ে, উদ্ধাৰৰ বাবে হাহাকাৰ ৰাছিয়ান সেনাত ভৰ্তি ভাৰতীয় যুৱকৰ

ৰাছিয়াত থকা ভাৰতীয় যুৱক-যুৱতীক ভুৱা প্ৰতিশ্ৰুতিৰ জৰিয়তে যুদ্ধক্ষেত্ৰলৈ ঠেলি দিয়া হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এতিয়াও আবদ্ধ হৈ থকা বহু ভাৰতীয়ই ঘৰলৈ উভতি আহিবলৈ কাতৰ অনুৰোধ জনাইছে। ইফালে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সতৰ্কবাণী জাৰি কৰি কোনো সন্দেহজনক প্ৰলোভনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

পদে পদে খেদিছে মৃত্যুৰ ভয়ে, উদ্ধাৰৰ বাবে হাহাকাৰ ৰাছিয়ান সেনাত ভৰ্তি ভাৰতীয় যুৱকৰ

প্ৰতীকী ছবি

Updated On: 

11 Sep 2025 13:18 PM

ৰাছিয়া-ইউক্ৰেইনত চলি থকা যুদ্ধৰ মাজতে দুজন ভাৰতীয় যুৱকক প্ৰৱঞ্চনাৰে ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি দি যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা বুলি অভিযোগ তুলিছে যুৱক দুজনে। এই যুৱকসকলে কয় যে তেওঁলোকৰ লগত আৰু কমেও ১৩ জন ভাৰতীয় আবদ্ধ হৈ আছে। এই খবৰটো দ্য হিন্দুৱে পোহৰলৈ আনিছিল, ইয়াৰ পিছত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই বিষয়ত তথ্য সংগ্ৰহ কৰি আছে বুলি জনাইছে আৰু এই বিষয়ত ৰাছিয়াৰ সৈতে যোগাযোগ কৰা হৈছে।

এই খবৰ ওলোৱাৰ পিছত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়েও এক বিবৃতি প্ৰকাশ কৰে। ইয়াত সকীয়াই দিয়া হৈছে যে তেওঁলোকে কোনো কাৰণতে ৰাছিয়াৰ সেনাবাহিনীত যোগদানৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নালাগে।

যুদ্ধক্ষেত্ৰত কেনেকৈ উপস্থিত হ’ল?

দ্য হিন্দুৰ প্ৰতিবেদন অনুসৰি ৰাছিয়া হৈ ইউক্ৰেইনৰ ডনেস্ক অঞ্চলত উপস্থিত হোৱা ভাৰতীয়সকলৰ ভিতৰত জম্মুৰ ২২ বছৰীয়া সুমিত শৰ্মা আৰু পঞ্জাৱৰ গুৰসেৱক সিং অন্যতম।

মস্কো ষ্টেট লিংগুৱেষ্টিক ইউনিভাৰ্চিটিত ভাষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা সুমিত শৰ্মাই কয় যে তেওঁ কিছু অতিৰিক্ত ধন উপাৰ্জনৰ বাবে অংশকালীন কাম বিচাৰিবলৈ আৰম্ভ কৰিছিল। এগৰাকী মহিলা এজেণ্টে তেওঁক নিৰ্মাণৰ কামৰ আশ্বাস দিছিল যদিও পিছলৈ তেওঁক চহী কৰি পোনপটীয়াকৈ ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি দিয়া হয়।

কোনো সামৰিক প্ৰশিক্ষণ নোহোৱাকৈয়ে ২০২৪ চনৰ আগষ্ট মাহত তেওঁক ইউক্ৰেইনৰ চেলিড’ভ অঞ্চললৈ পঠিওৱা হৈছিল। শৰ্মাই কয় যে আমাক কোৱা হৈছিল এইটো কেৱল কামহে। এতিয়া আমাক নিৰীক্ষণ কৰা হৈছে, আমাক ওলাই যাবলৈ দিয়া হোৱা নাই। বহু সতীৰ্থ নোহোৱা হৈ গৈছে, আমি শুনিছিলো যে যুদ্ধত কিছুমানৰ মৃত্যু হৈছে। তাৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে যুৱকজনে।

আৱদ্ধ ১৫ ভাৰতীয়, বহু নিৰুদ্দেশ

যুৱকজনৰ মতে প্ৰায় ১৫ জন ভাৰতীয় এই ফান্দত আবদ্ধ হৈ আছে। ইয়াৰে চাৰিজন সন্ধানহীন। গুৰসেৱক সিঙে কয় যে তেওঁলোকৰ সৈতে অহা ৰাজস্থানৰ এজন যুৱকক ফৰৱাৰ্ড পোষ্টলৈ প্ৰেৰণ কৰা হৈছিল আৰু যোৱা চাৰিদিন ধৰি তেওঁৰ সংস্পৰ্শলৈ অহা নাই।

মন কৰিবলগীয়া যে ২০২৪ চনৰ আগষ্ট মাহত ৰাছিয়াৰ দূতাবাসে আনুষ্ঠানিক বিবৃতি জাৰি কৰিছিল যে কোনো ভাৰতীয়ক সেনাবাহিনীত নিযুক্তি দিয়া নহ’ব। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কোত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকত এই বিষয়টো উত্থাপন কৰিছিল। ইয়াৰ পিছতো দ্য হিন্দুৰ শেহতীয়া প্ৰতিবেদনে এই আশ্বাসক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সঁহাৰি

এই খবৰৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত তদন্ত কৰি ৰাছিয়াৰ সৈতে অহৰহ যোগাযোগত থকা বুলি জানিবলৈ দিয়ে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে যোৱা এবছৰত কেইবাবাৰো পৰামৰ্শ জাৰি কৰা হৈছে, য’ত যিকোনো ধৰণৰ চাকৰিৰ প্ৰলোভনত ৰাছিয়াৰ সেনাবাহিনীত যোগদান নকৰিবলৈ স্পষ্ট সতৰ্কবাণী দিয়া হৈছে। মন্ত্ৰালয়ে পুনৰ ৰাইজক কোনো সন্দেহজনক প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

অৱশেষত অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ! ২২১ দিনৰ অন্তত ভাৰতীয় দলে দেখিলে এনে সফলতাৰ মুখ
বৃক্কৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত চকুত কি কি লক্ষণে দেখা দিয়ে? জানক...
ধনতেৰাচত মহাপুৰুষ ৰাজযোগ! অত্যন্ত শুভ এই ৩ ৰাশিৰ লোকৰ বাবে...
জিভাত বাৰে বাৰে ঘাঁ হয় নেকি? কাৰণ জানক..