বিধ্বংসী অগ্নিকাণ্ড! এই পৰ্যন্ত ৪৪ জন লোকৰ মৃত্যু, বহু লোক নিৰুদ্দেশ…

অগ্নিকাণ্ডৰ ফলত অঞ্চলত আতংকৰ সৃষ্টি হয়। লগে লগে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে অগ্নিকাণ্ড ভিডিঅ’ । ভিডিঅ’টোত দেখা গৈছে যে বহু দূৰলৈকে বিস্তৃত হৈ আছে ধোঁৱা আৰু জুইৰ বিশাল শিখা।

বিধ্বংসী অগ্নিকাণ্ড! এই পৰ্যন্ত ৪৪ জন লোকৰ মৃত্যু, বহু লোক নিৰুদ্দেশ...

হংকঙত বিধ্বংসী অগ্নিকাণ্ড

Published: 

27 Nov 2025 07:08 AM

হংকঙৰ আৱাসিক টাৱাৰত বিধ্বংসী অগ্নিকাণ্ড। এই ঘটনাত ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ আশংকা। ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা।হংকঙৰ টাইপো অঞ্চলৰ ৱাং ফুক ক’ৰ্ট নামৰ এটা হাউছিং কমপ্লেক্সত সংঘটিত হয় এই অগ্নিকাণ্ড। কেইবা কিলোমিটাৰ দূৰৰ পৰা দৃশ্যমান হৈছে জুইৰ শিখা। ৱাং ফুক ক’ৰ্ট নামৰ ২০০০ ফ্লেটৰ এই আৱাসিক কমপ্লেক্সটোত হঠাতে বিস্ফোৰণ হোৱা জুইৰ শিখাই ওচৰৰ কেইবাটাও ওখ অট্টালিকা আগুৰি ধৰে।

অগ্নিকাণ্ডৰ ফলত অঞ্চলত আতংকৰ সৃষ্টি হয়। লগে লগে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে অগ্নিকাণ্ড ভিডিঅ’ । ভিডিঅ’টোত দেখা গৈছে যে বহু দূৰলৈকে বিস্তৃত হৈ আছে ধোঁৱা আৰু জুইৰ বিশাল শিখা। অগ্নিকাণ্ডৰ পিছতে ৭০০ অগ্নিনিৰ্বাপক বাহিনী নিয়োগ কৰা হয়।  ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

হংকঙৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টাই প’ জিলা চীনৰ বিত্তীয় কেন্দ্ৰৰ উত্তৰ অংশত অৱস্থিত। অগ্নিকাণ্ডৰ ফলত টাৱাৰটোত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে। ঘটনাস্থলীত উপস্থিত থাকে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। ওচৰৰ বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ, দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখিবলৈ আৰু শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিছে অগ্নিনিৰ্বাপক বাহিনীয়ে ।

১৭ বছৰ পূৰ্বে হংকঙত একেধৰণৰ অগ্নিকাণ্ড সংঘটিত হৈছিল

৯০% লোকক নিৰাপদে স্থানান্তৰ কৰা হৈছে। এই ঘটনাৰ পিছতে  বন্ধ কৰি দিয়া হৈছে কেইবাটাও পথ। এই বৃহৎ অগ্নিকাণ্ডক  ৫ কেটেগুৰীৰ জুই হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। হংকঙত ৫ নং স্তৰৰ শেষৰটো বৃহৎ অগ্নিকাণ্ড প্ৰায় ১৭ বছৰ পূৰ্বে সংঘটিত হৈছিল, য’ত চাৰিজন লোকৰ মৃত্যু হৈছিল। আহত আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে হেল্পলাইন নং মুকলি কৰা হৈছে।

ঘৰৰ এই দিশত ৰাখক আইনা, ধন-সম্পত্তিৰে ভৰি পৰিব জীৱন!
উদং হ'ব পকেট! দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত...
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...
শুৱাৰ ভংগীমাই বৃদ্ধি কৰিব পাৰে নেকি স্তনৰ আকাৰ? জানক...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...