দায়িত্ব লৈছিলহে! তিনিদিন পিছতেই সুশীলা কাৰ্কীৰ বিৰুদ্ধে প্ৰতিবাদ নেপালৰ Gen-Z ৰ

চুডান গুৰুঙৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে সুশীলা কাৰ্কী মুৰ্দাবাদ শ্লোগান দিয়ে। এই প্ৰতিবাদকাৰীসকলে কয় যে কাৰ্কীয়ে প্ৰধানমন্ত্ৰীৰ চকীত বহিয়েই আন্দোলনৰ মূল কথাবোৰ পাহৰি গৈছে।

দায়িত্ব লৈছিলহে! তিনিদিন পিছতেই সুশীলা কাৰ্কীৰ বিৰুদ্ধে প্ৰতিবাদ নেপালৰ Gen-Z ৰ

সুশীলা কাৰ্কীৰ বিৰুদ্ধে প্ৰতিবাদ

Published: 

15 Sep 2025 16:54 PM

সুশীলা কাৰ্কীৰ শপত গ্ৰহণৰ মাত্ৰ তিনিদিন পিছতে পুনৰ সলনি হৈছে নেপালৰ ৰাজনীতি। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলৰ আগত কাৰ্কীৰ নাম প্ৰস্তাৱ কৰা Gen-Z সকলে এতিয়া তেওঁৰ বিৰুদ্ধে ওলাই আহিছে। সোমবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ বাহিৰত Gen-Z এ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দিয়ে ‘হাম নেপালী’ এন জি অ’ৰ চুডান গুৰুঙে। আৰক্ষীৰ গুলীত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালেও এই প্ৰতিবাদত অংশ লৈছিল।

কিয় প্ৰতিবাদ কৰিছে Gen-Z এ?

নেপালী বাতৰি কাকত ৰাটোপতিৰ তথ্য অনুসৰি চুডান গুৰুঙৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে সুশীলা কাৰ্কী মুৰ্দাবাদ শ্লোগান দিয়ে। এই প্ৰতিবাদকাৰীসকলে কয় যে কাৰ্কীয়ে প্ৰধানমন্ত্ৰীৰ চকীত বহিয়েই আন্দোলনৰ মূল কথাবোৰ পাহৰি গৈছে। স্বেচ্ছাচাৰীভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ কাৰ্কীৰ বিৰুদ্ধে।

প্ৰতিবাদকাৰীসকলে কয় যে কাৰ্কীয়ে গঠন কৰা অন্তৱৰ্তীকালীন মন্ত্ৰীসভাত Gen-Z ৰ মতামত লোৱা হোৱা নাই। সোমবাৰে (১৫ ছেপ্টেম্বৰ) কাৰ্কীয়ে অন্তৱৰ্তীকালীন চৰকাৰত ৩জন লোকক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

নেপালৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ তথ্য অনুসৰি কুলমান ঘিছিঙক শক্তি বিভাগৰ অন্তৱৰ্তীকালীন মন্ত্ৰী, ওম প্ৰকাশ আৰিয়ালক গৃহ আৰু আইন বিভাগ আৰু ৰামেশ্বৰ খানালক বিত্ত বিভাগত নিযুক্তি দিয়া হৈছে।

চুডান গুৰুঙে কয় যে এই প্ৰতিবাদত ওম প্ৰকাশ আৰিয়াল ক’তো নাছিল। বলেন্দ্ৰ সাহৰ অনুৰোধত তেওঁক গৃহ বিভাগৰ দায়িত্ব দিয়া হৈছে। তেতিয়া আগন্তুক নিৰ্বাচনত খেল খেলিব পাৰিব বলেন্দ্ৰ সাহে। আৰিয়ালে সাহৰ আইনী উপদেষ্টা হিচাপে কাম কৰি আহিছে।

নেপালত অন্তৱৰ্তীকালীন চৰকাৰ গঠন

Gen-Z ৰ প্ৰতিবাদৰ পিছত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে কে পি শৰ্মা অলিয়ে। অলিৰ পদত্যাগৰ পিছত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলে সংসদ ভংগ কৰে। Gen-Z ৰ পৰামৰ্শমতে পৌড়েলে সুশিলা কাৰ্কীক অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। কাৰ্কি নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আছিল।

নেপালৰ ৰাষ্ট্ৰপতিৰ মতে অহা ৬ মাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পিছত কাৰ্কীয়ে প্ৰধানমন্ত্ৰী নিৰ্বাচিত নেতাগৰাকীক দায়িত্ব অৰ্পণ কৰিব। কাৰ্কীক মূলতঃ নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

নেপালত প্ৰধানমন্ত্ৰীক প্ৰতিনিধি সদনৰ জৰিয়তে নিযুক্তি দিয়া হয়। প্ৰতিনিধি সদনৰ ২৭৫খন আসন। চৰকাৰ গঠনৰ বাবে ১৩৮খন আসনৰ প্ৰয়োজন।

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...