আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠক গুলীয়াই হত্যা, ভাষণ দি থকা সময়তে…

চাৰ্লি কাৰ্কক গুলীয়াই হত্যা কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ এক্সত লিখিছিল, "চাৰ্লি কাৰ্কৰ মৃত্যু হৈছে। আমেৰিকাৰ যুৱক-যুৱতীসকলৰ হৃদয় চাৰ্লিতকৈ ভালকৈ কোনেও বুজি পোৱা নাছিল। সকলোৱে বিশেষকৈ মই তেওঁক ভাল পাইছিলোঁ আৰু সন্মান কৰিছিলোঁ আৰু এতিয়া তেওঁ আমাৰ লগত নাই।"

আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠক গুলীয়াই হত্যা, ভাষণ দি থকা সময়তে...

আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠক গুলীয়াই হত্যা

Published: 

11 Sep 2025 08:26 AM

বুধবাৰে অৰেমৰ ইউটা ভেলী বিশ্ববিদ্যালয়ত গুলীবিদ্ধ হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ চাৰ্লি কাৰ্ক। চাৰ্লি কাৰ্কে ভেলী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সমাৱেশত ভাষণ দি থকা সময়ে এই ঘটনা সংঘটিত হয়। এই গুলীচালনাৰ কাণ্ডত মৃত্যু হয় টাৰ্নিং পইণ্ট ইউ এছ এৰ প্ৰতিষ্ঠাপক চাৰ্লি কাৰ্ক। ট্ৰাম্পে এই কথা নিশ্চিত কৰি কয় যে ইউটা ভেলী বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত বন্দুকৰ গুলীত মৃত্যু হৈছে চাৰ্লি কাৰ্কৰ।

চাৰ্লি কাৰ্কক গুলীয়াই হত্যা কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ এক্সত লিখিছিল, “চাৰ্লি কাৰ্কৰ মৃত্যু হৈছে। আমেৰিকাৰ যুৱক-যুৱতীসকলৰ হৃদয় চাৰ্লিতকৈ ভালকৈ কোনেও বুজি পোৱা নাছিল। সকলোৱে বিশেষকৈ মই তেওঁক ভাল পাইছিলোঁ আৰু সন্মান কৰিছিলোঁ আৰু এতিয়া তেওঁ আমাৰ লগত নাই। মেলানিয়া আৰু মোৰ সমবেদনা তেওঁৰ ধুনীয়া পত্নী এৰিকা আৰু পৰিয়ালৰ সৈতে আছে। চাৰ্লি, আমি আপোনাক ভাল পাওঁ!”

হোৱাইট হাউছৰ পোষ্ট অনুসৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চাৰ্লি কাৰ্কৰ সন্মানত আমেৰিকাৰ সকলো পতাকা অৰ্ধনমিত ৰাখিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে চাৰ্লি কাৰ্কৰ বয়স আছিল ৩১ বছৰ। গুলীবিদ্ধ হোৱাৰ আগতে তেওঁ বন্দুকৰ হিংসাৰ কথা কৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে কেনেকৈ গুলী চলোৱা হৈছিল আৰু কাৰ্ক তললৈ পৰি গৈছিল। তেওঁৰ ডিঙিত গুলী লগা বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত অব্যাহত আছে ঘটনাৰ তদন্ত।

ভেলী ইউনিভাৰ্চিটিৰ এগৰাকী মুখপাত্ৰৰ মতে, চাৰ্লি কাৰ্কে ভাষণ দি থকা মাত্ৰ ২০ মিনিটৰ পিছতে ওচৰৰ এটা অট্টালিকাৰ পৰা বন্দুকৰ গুলীৰ শব্দ শুনা যায়। কাৰ্ক এজন ৰক্ষণশীল প্ৰভাৱশালী ব্যক্তি আছিল । টাৰ্নিং পইণ্ট ইউ এছ এৰ প্ৰতিষ্ঠাপক আছিল তেওঁ। ২০১২ চনত মাত্ৰ ১৮ বছৰ বয়সতে তেওঁ এই কাম আৰম্ভ কৰিছিল।টাৰ্নিং পইণ্ট ইউ এছ এ হৈছে হাইস্কুল আৰু কলেজ চৌহদত ৰক্ষণশীল ৰাজনীতিৰ প্ৰচাৰ কৰা এটা সংস্থা। ২০২৪ চনত মিলৱাকিত অনুষ্ঠিত হোৱা ৰিপাব্লিকান নেচনেল কনভেনচনত তেওঁ ভাষণ দিছিল। য’ত তেওঁ যুৱসকলৰ বিষয়ে উল্লেখ কৰিছিল।

বৃক্কৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত চকুত কি কি লক্ষণে দেখা দিয়ে? জানক...
ধনতেৰাচত মহাপুৰুষ ৰাজযোগ! অত্যন্ত শুভ এই ৩ ৰাশিৰ লোকৰ বাবে...
জিভাত বাৰে বাৰে ঘাঁ হয় নেকি? কাৰণ জানক..
চতুৰ্গ্ৰহী যোগ, এই ৩ ৰাশিৰ লোকৰ দূৰ হ'ব আৰ্থিক সমস্যা!