শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গাজাত ৫ টকীয়া পাৰ্লে-জি বিস্কুট বিক্ৰী হৈছে ২৪০০ টকাত! আলু-পিঁয়াজৰ দাম শুনিলে মূৰ ঘূৰাব আপোনাৰ…

যি সময়ত বিশ্বজুৰি ঈদ-উল-আজহা উপলক্ষে কুৰবানী দিয়া হৈছে, খাদ্য পৰিবেশন কৰা হৈছে, আপোনজনক উপহাৰ দিয়া হৈছে, সেই সময়তে এমুঠি খাদ্যৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে গাজাৰ হাজাৰ হাজাৰ লোকে ।

গাজাত ৫ টকীয়া পাৰ্লে-জি বিস্কুট বিক্ৰী হৈছে ২৪০০ টকাত! আলু-পিঁয়াজৰ দাম শুনিলে মূৰ ঘূৰাব আপোনাৰ…
গাজাত খাদ্য সংকটImage Credit source: PTI
trishna-kalita
Trishna Kalita | Updated On: 08 Jun 2025 12:18 PM

ভাৰতত  এপেকেট এপাৰ্লে-জিৰ দাম মাত্ৰ ৫ টাকা। কিন্তু এই ৫ টকীয়া ‘পাৰ্লে – জি’ বিস্কুট গাজাত ৫০০ গুণ বেছি দামত বিক্ৰী হৈছে। গাজাত ১ পেকেট ‘পাৰ্লে – জি’ বিস্কুটৰ দাম ২৪০০ টকাত। হয়তো আপুনি শুনি আচৰিত যেন লাগিব। কিন্তু এয়াই সঁচা ।  ঈদৰ দিনা পুৱা গাজা ষ্ট্ৰিপৰ মছজিদত নামাজ পঢ়া নহ’ল, কাৰণ তাত এতিয়া মছজিদ বুলি একোৱে নাই। ইজৰাইলৰ ক্ষেপণাস্ত্ৰই ধ্বংস হৈছে সকলো।

কিন্তু তাতোকৈ গাজাত দেখা আনখন ভয়ানক ছবি হ’ল খাদ্য সংকট। যি সময়ত বিশ্বজুৰি ঈদ-উল-আজহা উপলক্ষে কুৰবানী দিয়া হৈছে, খাদ্য পৰিবেশন কৰা হৈছে, আপোনজনক উপহাৰ দিয়া হৈছে, সেই সময়তে এমুঠি খাদ্যৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে গাজাৰ হাজাৰ হাজাৰ লোকে ।

যেতিয়া এটা পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হয়, তেতিয়া বহুতে সোণ বিক্ৰী কৰিবলৈ বাধ্য হয়। কিন্তু আজি গাজাত এমুঠি খাদ্য গোটাবলৈ সোণৰ অভাৱ। কোনেও সুখত নাই। গাজাৰ বজাৰত কোনো খাদ্য কিনিব পৰা নাই, কাৰণ আকাশলংঘী হৈছে সকলো বস্তুৰে দাম । এয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ ভয়াৱহ পৰিণতি।  ইজৰাইলৰ মুদ্ৰা হৈছে চেকেল। ভাৰতীয় মুদ্ৰাত ১ চেকেল ২৪ টকাৰ সমান।

  • ১ লিটাৰ তেলৰ মূল্য ১৭০ চেকেল (যিটো ভাৰতীয় মুদ্ৰাত ৪১৭৭ টকা)।
  • ১ কেজি চেনিৰ দাম ২০০ চেকেল (ভাৰতীয় মুদ্ৰাত হ’ব ৪৯১৪ টকা)।
  • ১ কেজি পাউদাৰ গাখীৰৰ দাম ৩৫ চেকেল ( ভাৰতৰ হিচাপত ৮৬০ টকা)।
  • ১ কেজি আটাৰ দাম ৬০ চেকেল (ভাৰতীয় মুদ্ৰাত  ১৪৭৪ টকা)।
  • ১ কেজি নিমখৰ দাম ২০ চেকেল ( ভাৰতৰ হিচাপত ৪৯১ টকা)।
  • ১ কেজি কুমলীয়া ডালিমৰ দাম ৪৫ চেকেল ( ভাৰতৰ হিচাপত১১০৬ টকা)।
  • ১ কেজি হাঁহৰ মাংসৰ দাম ৩০ চেকেল ( ভাৰতৰ হিচাপত ৭৩৭ টকা)।
  • ১ কেজি বিলাহীৰ দাম ৪৫ চেকেল ( ভাৰতৰ হিচাপত১১০৬ টকা)।
  • ১ কেজি পিঁয়াজৰ দাম ১৮০ চেকেল ( ভাৰতৰ হিচাপত৪৪২৩ টকা)।
  • ১ কেজি আলুৰ দাম ৮০ চেকেল (ভাৰতৰ হিচাপত ১৯৬৬ টকা)।
  • ১ কেজি বেঙেনাৰ দাম ৩৫ চেকেল ( ভাৰতৰ হিচাপত৮৬০ টকা)।
  • ১ কেজি মচুৰ দাইলৰ দাম ৩৫ চেকেল ( ভাৰতৰ হিচাপত৮৬০ টকা)।
  • ১ বাকচ ছাগলীৰ মাংসৰ দাম ২০০ চেকেল। (ভাৰতৰ হিচাপত ৪৯১৪ টাকা)

এনে সময়তে ইজৰাইলে দাবী কৰিছে যে হামাছে সাহায্য কাঢ়ি লৈছে। কিন্তু সাহায্য কঢ়িওৱা ট্ৰাক গাজাত প্ৰৱেশ কৰিলেও সাধাৰণ জনতাৰ কাষ চাপিব পৰা নাই।