দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন গাৰ্গ ফেন ক্লাৱৰ

| Edited By:

| Jan 19, 2026 | 2:17 PM

এই সন্দৰ্ভত ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁয়ে কয়, "শিখা শৰ্মাই জুবিন গাৰ্গ আৰু তেওঁ পৰিয়ালক লৈ কতু মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। যিটো সময়ত জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে ৰাইজে দাবী জনায় আহিছে সেই সময়ত শিখা শৰ্মাই গোটেই ইচ্ছুটো বিপথে পৰিচালিত কৰিব চেষ্টা কৰি আহিছে।"

৪ মাহ পূৰ্বে আজিৰ দিনটোতে কায়িকভাৱে হেৰাই গৈছিল জুবিন গাৰ্গ । সোমবাৰে পুৱাই ক্ৰাইম ব্ৰাঞ্চত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গৰ উপৰিও জুবিন ফেন ক্লাৱৰ পৰাও এজাহাৰ দাখিল কৰা হৈছে। সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য । জুবিন গাৰ্গৰ চৰিত্ৰকলৈও ফেচবুকত বহুটো পোষ্ট দিছিল শিখা শৰ্মাই।

এই সন্দৰ্ভত ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁয়ে কয়, “শিখা শৰ্মাই জুবিন গাৰ্গ আৰু তেওঁ পৰিয়ালক লৈ কতু মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। যিটো সময়ত জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে ৰাইজে দাবী জনায় আহিছে সেই সময়ত শিখা শৰ্মাই গোটেই ইচ্ছুটো বিপথে পৰিচালিত কৰিব চেষ্টা কৰি আহিছে । কি তথ্যৰ ভিত্তিত জুবিন গাৰ্গৰ চৰিত্ৰহনন কৰিব চেষ্টা কৰিছে সেয়া ৰাজহুৱা কৰক শিখা শৰ্মাই। অসমৰ বিভিন্ন জিলাত শিখা শৰ্মাৰ বিৰুদ্ধে আজি জুবিন ফেন ক্লাৱৰ তৰফৰ পৰা এজাহাৰ দিয়া হ’ব।”