জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত CID কাৰ্যালয়ত পৃথকে পৃথকে জেৰা অভিযুক্তক
আজি এই গোচৰত সোধা-পোছাৰ বাবে SITৰ সমুখত হাজিৰ হয় দিল্লীস্থিত এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক সাৰস্বত গোস্বামী। সাংবাদিকগৰাকীৰ লগতে শ্যামকানু মহন্তৰ ব্যৱসায়িক সহযোগী ঋতুল শৰ্মা, চিন্তু বৈশ্যও SITৰ সমুখত আজি হাজিৰ হয়।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে। তদন্তকাৰী সংস্থাটোৱে এইপৰ্যন্ত গোচৰৰ সৈতে জড়িত চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ধৃত এই চাৰি অভিযুক্ত ক্ৰমে নৰ্থইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে প্ৰয়াত শিল্পীগৰাকীৰ দুই সহযোগী শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক সোধা-পোছা অব্যাহত ৰাখিছে চিআইডিৰ SIT দলে। আটাইকেইজন অভিযুক্তক পৃথকে পৃথকে জেৰা চলাই আছে তদন্তকাৰী বিষয়াসকলে।
ইফালে আজি এই গোচৰত সোধা-পোছাৰ বাবে SITৰ সমুখত হাজিৰ হয় দিল্লীস্থিত এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক সাৰস্বত গোস্বামী। সাংবাদিকগৰাকীৰ লগতে শ্যামকানু মহন্তৰ ব্যৱসায়িক সহযোগী ঋতুল শৰ্মা, চিন্তু বৈশ্যও SITৰ সমুখত আজি হাজিৰ হয়। প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিছে SIT দলে৷
Latest Videos