শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰহস্যজনক জুবিন গাৰ্গৰ মৃত্য়ু, জুবিনৰ মৃত্যুৰ বাবে জগৰীয়া কোন কোন?

ৰহস্যজনক জুবিন গাৰ্গৰ মৃত্য়ু, জুবিনৰ মৃত্যুৰ বাবে জগৰীয়া কোন কোন?

barasha-misra
Barasha Misra | Updated On: 26 Sep 2025 23:28 PM

ইফালে বৃহস্পতিবাৰৰ দিনটোত SIT এ জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা আন দুজন ব্যক্তি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বাসগৃহত তালাচী চলায়। গীতানগৰৰ শ্যামকানু মহন্তৰ ঘৰত দুজন কাম কৰা ব্যক্তিৰ বাহিৰে আন কাকো পোৱা নগ’ল।

চিৰ নিদ্ৰাত জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুত শোকত ভাগি পৰিছে অসমবাসী। শিল্পীগৰাকীৰ আকস্মিক বিয়োগক মানি ল’ব পৰা নাই সংগীতপ্ৰেমীসকলে। ইয়াৰ মাজতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ACTION MODEত SIT। সঁচাকৈ জুবিনৰ মৃত্যু হৈছিল নে হত্যা কৰা হৈছিল সেয়া এক নুবুজা সাঁথৰ!

২৫ ছেপ্টেম্বৰ বৃহস্পতিবাৰে স্পেচিয়েল ইনভেস্টিগেশন টিমে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীৰ বাসগৃহত অভিযান চলায়। মৃত্যুৰ দিনটোত জুবিনৰ লগত আছিল শেখৰ। লাহে লাহে জুবিনৰ মৃত্যুৰ ৰহস্য ঘন হৈ পৰিছে। জুবিনৰ মৃত্যুৰ আঁৰত কোনোবা আছে নেকি?

ইফালে বৃহস্পতিবাৰৰ দিনটোত SIT এ জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা আন দুজন ব্যক্তি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বাসগৃহত তালাচী চলায়। গীতানগৰৰ শ্যামকানু মহন্তৰ ঘৰত দুজন কাম কৰা ব্যক্তিৰ বাহিৰে আন কাকো পোৱা নগ’ল। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ ধীৰেনপাৰাৰ বাসগৃহত তলা ভাঙি দণ্ডাধীশৰ উপস্থিতিত ঘৰটোত প্ৰৱেশ কৰি তালাচী চলায়। চুবুৰীয়াই দাবী কৰে যে জুবিনৰ মৃত্যুৰ পিছত শ্যামকানু বা তেওঁৰ পৰিয়ালৰ কোনো লোকক দেখা পোৱা নাই। তাৰ মাজতে ধীৰেণপাৰাৰ সিদ্ধাৰ্থৰ ঘৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত ভিক্টৰ দাস আৰু অজয় ফুকনক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা যায়।