জ’মাটোৱে বন্ধ কৰিলে এই দুটা সেৱা, জানি লওক সবিশেষ

| May 02, 2025 | 10:28 PM

মাত্ৰ চাৰি মাহ পূৰ্বে জ’মাটোই নিজৰ Quick সেৱা আৰম্ভ কৰিছিল । এই সেৱাই ১৫ মিনিটত খাদ্য ডেলিভাৰীৰ ব্যৱস্থা কৰিছিল । কিন্তু হঠাৎ কি হ’ল যে সেৱা বন্ধ কৰিবলগীয়া হ’ল ? কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে কয় যে এই দুয়োটা সেৱা লাভজনক যেন নালাগে ।

অনলাইনত খাদ্য অৰ্ডাৰ দিয়া বুলিলে সকলোৱেই জ’মাটোত ছাৰ্চ কৰে । এইবাৰ জ’মাটোৱে লৈছে এক ডাঙৰ সিদ্ধান্ত । বন্ধ হৈ পৰিল জ’মাটোৰ দুটি সেৱা । অনলাইন ডেলিভাৰী কোম্পানীটোৱে ১ মে’ৰ পৰা Quick আৰু জ’মাটো Everyday সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ।

মাত্ৰ চাৰি মাহ পূৰ্বে জ’মাটোই নিজৰ Quick সেৱা আৰম্ভ কৰিছিল । এই সেৱাই ১৫ মিনিটত খাদ্য ডেলিভাৰীৰ ব্যৱস্থা কৰিছিল । কিন্তু হঠাৎ কি হ’ল যে সেৱা বন্ধ কৰিবলগীয়া হ’ল ? কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে কয় যে এই দুয়োটা সেৱা লাভজনক যেন নালাগে । বৰ্তমান ৰেষ্টুৰেণ্ট আৰু কিচেনসমূহত ১০ মিনিটত গ্ৰাহকৰ ঘৰলৈ খাদ্য যোগান ধৰিব পৰা চেটআপ নাই । গ্ৰাহকৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

আনহাতে, ৰেডি টু ইট, ঘৰতে ৰন্ধা খাদ্য জ’মাটো Everyday উপলব্ধ আছিল । জ’মাটোৱে বিচাৰি উলিয়াইছে যে এই সেৱা মূলতঃ মেট্ৰ’ চহৰৰ বাবে উপযোগী, যদিও অৰ্ডাৰ অতি কম । এই বিকল্পই দুই কিলোমিটাৰ দূৰত্বৰ ভিতৰত খাদ্য যোগান ধৰে । কিন্তু জনপ্ৰিয়তাৰ অভাৱত ইয়াক বন্ধ কৰি দিয়া হ’ল ।