শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হাইলাকান্দিত আৰক্ষী অধীক্ষকৰ কনভয়ৰ বাহনৰ খুন্দাত নিহত যুৱক

হাইলাকান্দিত আৰক্ষী অধীক্ষকৰ কনভয়ৰ বাহনৰ খুন্দাত নিহত যুৱক

trishna-kalita
Trishna Kalita | Updated On: 24 Dec 2025 12:55 PM

হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কনভয়ৰ বাহনে যুৱকজনৰ চাইকেলৰ পিছফালে খুন্দা মাৰে যাৰ ফলত তেওঁ বাগৰি পৰি যায় আৰু গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত হয়। হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কনভয়ৰ বাহনখন নম্বৰ হৈছে AS 30 7686।

হাইলাকান্দিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ কনভয়ৰ Escort বাহনৰ খুন্দাত নিহত এজন যুবক। নিহত যুবক জনৰ নাম হৈছে বিশ্বজিত দাস বুলি জানিব পৰা হৈছে।বিশ্বজিত দাস সন্ধিয়া কাম শেষ কৰি চাইকেলেৰে নিজ ঘৰত যোৱাৰ সময়ত হাইলাকান্দি চহৰৰ কালিবাড়ি ৰোডত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কনভয়ৰ বাহনে যুৱকজনৰ চাইকেলৰ পিছফালে খুন্দা মাৰে যাৰ ফলত তেওঁ বাগৰি পৰি যায় আৰু গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত হয়। হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কনভয়ৰ বাহনখন নম্বৰ হৈছে AS 30 7686। পিছত ট্ৰেফিক আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক হাইলাকান্দি সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত লৈ যায়। কিন্তু গুৰুত্বৰ অৱস্থাত থকাৰ বাবে তেওঁক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও পথতে যুৱকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। নিহত যুৱকজনৰ ঘৰ হাইলাকান্দি চহৰৰ ১৬ নং ওয়াৰ্ডত বুলি জানিব পৰা গৈছে। সবিশেষ জনিবলৈ ভিডিঅ’ চাওক…