শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
SR প্ৰক্ৰিয়াক লৈ বিলাসীপাৰা সম-জিলা কাৰ্যালয়ৰ সন্মুখত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

SR প্ৰক্ৰিয়াক লৈ বিলাসীপাৰা সম-জিলা কাৰ্যালয়ৰ সন্মুখত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

Trishna Kalita
Trishna Kalita | Updated On: 21 Jan 2026 17:55 PM

বিজেপি চৰকাৰ মুৰ্দাবাদ ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ভোট চোৰ, গাডী চোৰ, সংখ্যালঘু জনতাক হাৰাশাস্তি বন্ধ কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে বিলাসীপাৰা সম-জিলাৰ কাৰ্যালয়।

SRৰ বিসংগতিৰ বিৰুদ্ধে বিৰুদ্ধে যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰে অচিনাকি ব্যাক্তিৰ দ্বাৰা ৭নং প্ৰ-পত্ৰ প্ৰেৰণ কৰি সংখ্যালঘু ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ।

আজি বিলাসীপাৰা সম-জিলাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছ আৰু চাপৰ শালকোচা, বিলাসীপাৰা ব্লকৰ কৰ্ম-কৰ্তাই। এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে শ শ নেতা-কৰ্মীয়ে। প্লে-কাৰ্ড হাতত লৈ বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ভোট চোৰ, গাডী চোৰ, সংখ্যালঘু জনতাক হাৰাশাস্তি বন্ধ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে বিলাসীপাৰা সম-জিলাৰ কাৰ্যালয়। বাছি বাছি সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। সকলো নথি-পত্ৰ ঠিক থকাৰ পিছত অচিনাকী লোকৰ নাম ভেৰিফিকেচন লিষ্টত অহাক লৈ সৰৱ হৈ পৰে সংগঠনটো।