শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আপোনাৰ পেঞ্চনৰ টকা বেলেগে পাইছে নেকি? জানক...

আপোনাৰ পেঞ্চনৰ টকা বেলেগে পাইছে নেকি? জানক…

Trishna Kalita
Trishna Kalita | Published: 24 Dec 2025 21:05 PM

এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে (EPFO) লক্ষ্য কৰিছে যে বহু ক্ষেত্ৰত ইপিএছৰ ধন বহু কৰ্মচাৰীৰ বাবে জমা কৰা হৈছে যিসকলৰ ইয়াৰ অধিকাৰ নাই। বহু ক্ষেত্ৰত আকৌ বাদ দিয়া হৈছে এই ধনৰ অধিকাৰী একাংশ কৰ্মচাৰীক।

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ জমা হয় এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড (EPF) বা কৰ্মচাৰী ভৱিষ্য নিধিত। আৰু ইয়াৰ কিছু অংশ পুনৰ পেঞ্চন ফাণ্ড বা ইপিএছ (EPS)ৰ অধীনত জমা কৰা হয়। কিন্তু আপোনাৰ পেঞ্চনৰ ধন সঠিক ঠাইত জমা হৈছে নে? বহুক্ষেত্ৰত আপুনি যিটো কোম্পানীত কাম কৰে, সেই কোম্পানীৰ ভুলৰ বাবে আপুনি লাভ কৰা ধন আন কাৰোবাৰ একাউণ্টত জমা হয়। সেই সমস্যা সমাধানৰ বাবে ইপিএফঅ’ই এতিয়া কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।