শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
যাত্ৰাৰ ১৫ মিনিট পূৰ্বে টিকট কাটিও ভ্ৰমণ কৰিব পাৰিব এই ৰে'লত

যাত্ৰাৰ ১৫ মিনিট পূৰ্বে টিকট কাটিও ভ্ৰমণ কৰিব পাৰিব এই ৰে’লত

raj-saikia
Raj Saikia | Published: 19 Jul 2025 20:41 PM

যিটো ষ্টেচনৰ পৰা বন্দে ভাৰত ৰে’ল যাত্ৰা কৰে তাৰ পৰাই টিকট ক্ৰয় কৰিব পাৰিব। ৰে’লৱেৰ সূত্ৰ অনুসৰি যোৱা বৃহস্পতিবাৰৰ পৰা এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

বন্দে ভাৰত, দ্ৰুতবেগী তথা আৰমদ্বায়ক এখন অত্যাধুনিক ৰে’ল। বেছিভাগ ক্ষেত্ৰতে বন্দে ভাৰতৰ টিকটৰ চাহিদা অধিক। অৱশ্যে এইবাৰ বন্দে ভাৰত ৰে’লৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। দক্ষিণ মণ্ডল ৰেলৱেই আৰম্ভ কৰিছে বিশেষ সংৰক্ষণৰ সুবিধা। বন্দে ভাৰতত উঠাৰ মাত্ৰ ১৫ মিনিটৰ আগতে ক্ৰয় কৰিব পাৰিব টিকট।

যিটো ষ্টেচনৰ পৰা বন্দে ভাৰত ৰে’ল যাত্ৰা কৰে তাৰ পৰাই টিকট ক্ৰয় কৰিব পাৰিব। ৰে’লৱেৰ সূত্ৰ অনুসৰি যোৱা বৃহস্পতিবাৰৰ পৰা এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। প্ৰথম অৱস্থাত আঠখন বন্দে ভাৰত ৰে’লৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। আনকি এই বিশেষ ব্যৱস্থাৰ অধীনত বন্দে ভাৰত ৰে’লখন নিৰ্দিষ্ট ষ্টেচনৰ পৰা যাত্ৰা কৰাৰ পিছতো টিকট ক্ৰয় কৰিব পৰা গৈছিল। বৰ্তমানৰ ব্যৱস্থাত ৰেলত যাত্ৰা কৰাৰ পিছত অনলাইনযোগে টিকট ক্ৰয় কৰিব নোৱাৰিব।

ধৰি লওক, যদি বন্দে ভাৰত এক্সপ্ৰেছ চেন্নাই এগম’ৰ ষ্টেচনৰ পৰা ওলাই যায়, তেন্তে পূৰ্বৰ ক্ষেত্ৰত দ্বিতীয় চাৰ্ট প্ৰস্তুত নোহোৱালৈকে টিকট বুকিং কৰিব পৰা গৈছিল। কিন্তু এতিয়াৰ পৰা যদি ৰেলখন পুৱা ৫ বজাত ৰাওনা হয়, তেন্তে পুৱা ৪:৪৫ বজালৈকে টিকট বুকিং কৰিব পাৰিব।

লগতে সেই ষ্টেচন এৰি যোৱাৰ পিছতো যদি কোনো আসন খালী হয়, তেন্তে অনলাইন বুকিং ব্যৱস্থাত বুকিং কৰিব পাৰিব। ধৰি লওক যদি ৰেলখন পুৱা ৯ বজাত এৰে, তেন্তে ৰেলৰ টিকট পুৱা ৮:৪৫ বজালৈকে বুকিং কৰিব পাৰিব।

প্ৰথমে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা ৰেলসমূহ হ’ল-চেন্নাই চেণ্ট্ৰেল-বিজয়াৱাড়া বন্দে ভাৰত এক্সপ্ৰেছ, চেন্নাই এগম’ৰ-নাগেৰকোলি বন্দে ভাৰত এক্সপ্ৰেছ, কইম্বাটুৰ-বেংগালুৰু কেণ্টনমেণ্ট বন্দে ভাৰত এক্সপ্ৰেছ, মংগালুৰু চেণ্ট্ৰেল-তিৰুৱনন্তপুৰম বন্দে ভাৰত এক্সপ্ৰেছ, মংগালুৰু চেণ্ট্ৰেল-মদগাঁও বন্দে ভাৰত এক্সপ্ৰেছ।