শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
OYO ই লগালে গণ্ডোগোল! কিয় #BycottOYO ই কৰিলে ট্ৰেণ্ড?

OYO ই লগালে গণ্ডোগোল! কিয় #BycottOYO ই কৰিলে ট্ৰেণ্ড?

Barasha Misra
Barasha Misra | Published: 23 Feb 2025 23:38 PM

বিতৰ্কৰ পিছতে ছ’চিয়েল মিডিয়াত #BycottOYO ট্ৰেণ্ডিং কৰিবলৈ ধৰিলে। বহু ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত OYO ৰ এই বিজ্ঞাপনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল, তাৰ পিছত OYO ই সমগ্ৰ বিতৰ্কটোৰ ওপৰত নিজৰ পক্ষ দাঙি ধৰি ক্ষমা খোজে।

বিতৰ্কত সোমাই পৰিছে অনলাইন হোটেল বুকিং কোম্পানী OYO। শুকুৰবাৰে স্পষ্ট কৰিছে যে, তেওঁলোকৰ বিজ্ঞাপনৰ উদ্দেশ্য ভাৰতত ধৰ্মীয় পৰ্যটনৰ প্ৰচাৰ কৰা, কোনো ধৰ্মীয় আৱেগক আঘাত কৰা নহয়। বাতৰি কাকতত প্ৰকাশ পোৱা OYO ৰ বিজ্ঞাপন ‘God Is Everywhere, So Is OYO’ কলৈ ক্ষোভৰ উদগিৰণ ঘটিছে জনসাধাৰণৰ মাজত।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X (টুইটাৰ)ত বহু ব্যৱহাৰকাৰীয়ে এই বাক্যাংশক লৈ আপত্তি প্ৰকাশ কৰে। আচলে বিজ্ঞাপনটোত উল্লেখ কৰা হৈছিল যে, OYO ভাৰতৰ আজমেৰ, বাৰাণসী, প্ৰয়াগৰাজ, অমৃতসৰ, হৰিদ্বাৰ, মথুৰা, নাশিক, পুৰী, শিৰদী, তিৰুপতি আদি বহু ধৰ্মীয় স্থানত আছে।

এই বিতৰ্কক লৈ OYOয়ে ক্ষমা বিচাৰে আৰু কয়, “শেহতীয়া বিজ্ঞাপনটোৰ আঁৰৰ আমাৰ লক্ষ্য আছিল ভাৰতত ধৰ্মীয় পৰ্যটনৰ প্ৰচাৰ কৰা, কোনো ধৰ্মীয় আৱেগক আঘাত কৰা নহয়। আমি দেশৰ বিভিন্ন ধৰ্ম আৰু বিশ্বাসক সন্মান কৰোঁ, ভাৰতত সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যৰ বাবে আমি গৌৰৱান্বিত।” চলিত বৰ্ষৰ শেষৰ ফালে ১২টা ডাঙৰ তীৰ্থস্থানত ৫০০খন হোটেল সংযোজন কৰাৰ পৰিকল্পনা কৰিছে OYO ই।