শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Personal Loan: ঋণ লোৱাৰ পাছতেই ব্যক্তিৰ মৃত্যু হ'লে ঋণ পৰিশোধ কৰে কোনে?

Personal Loan: ঋণ লোৱাৰ পাছতেই ব্যক্তিৰ মৃত্যু হ’লে ঋণ পৰিশোধ কৰে কোনে?

Barasha Misra
Barasha Misra | Published: 05 Feb 2025 19:46 PM

কিছুমান বিশেষ ক্ষেত্ৰত, ঋণৰ পৰিমাণ মৃত ঋণ লওঁতাৰ পৰিয়াল বা সম্পত্তি নিলামৰ জৰিয়তে পৰিশোধ কৰা হয়।কিন্তু নিয়ম অনুসৰি, যদি ঋণ লোৱাৰ পিছত যদি এজন ব্যক্তিৰ মৃত্যু হয়, ঋণদাতাই তেওঁৰ সম্পত্তি নিলাম কৰিব নোৱাৰে বা পৰিয়ালৰ পৰা ঋণৰ টকা ঘূৰাই ল'ব নোৱাৰে।

বৰ্তমান সময়ত EMI বা বেংকৰ পৰা ঋণ নোলোৱা লোকৰ সংখ্যা হয়তো খুবেই কম। বিশেষজ্ঞসকলৰ মতে বৰ্ধিত দাম আৰু বিলাসী জীৱন যাপন কৰা মানসিকতাই সাধাৰণ লোকসকলক ঋণৰ দিশে ঠেলি দিছে। এক জৰীপ অনুসৰি, বৰ্তমান ভাৰতৰ ৬৭ শতাংশ লোকে তেওঁলোকৰ প্ৰয়োজনীয়তা বা ৰুচি পূৰণ কৰিবলৈ EMI বা ব্যক্তিগত ঋণ লয়।

কিন্তু যদি এজন ব্যক্তিয়ে ঋণ লয় আৰু পৰিশোধ কৰাৰ আগতে মৃত্যুবৰণ কৰে, বেংকে কাৰ পৰা সেই ঋণৰ টকা ঘূৰাই ল’ব? নে ঋণৰ পৰিমাণৰ ক্ষমা কৰা হ’ব? এই প্ৰতিবেদনৰ জৰিয়তে সবিশেষ তথ্য জানো আহক

আপুনি হয়তো এই কথা জানে যে, কোনেও বিচাৰিলেই ঋণ ল’ব নোৱাৰে। সঠিক সূতৰ হাৰত ঋণ লাভ কৰিবলৈ, আপোনাক এক ভাল চিবিল স্ক’ৰৰ প্ৰয়োজন। কিন্তু কি এই চিবিল স্ক’ৰ?