চিকেন নেক সুৰক্ষিত কৰিবলৈ ভাৰতে কি কি পদক্ষেপ লৈছে?
ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক দিনক দিনে অৱনতি ঘটিছে। ইয়াৰ মাজতে একাংশই চিকেন নেকক লৈ বিভিন্ন ভাবুকি দিছে। ইয়াৰ প্ৰতি সঁহাৰি জনাই ভাৰতে লৈছে বিশেষ পদক্ষেপ। শক্তিশালী কৰিছে চিকেন নেক।
বিগত সময়চোৱাত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক যথেষ্ঠ বেয়াৰ পিনে ঢাল খাইছে। বাংলাদেশৰ একাংশ ছাত্ৰ নেতাই চিকেন নেকক কাটি পেলোৱাৰ হুংকাৰ প্ৰদান কৰিছিল। কিন্তু বাংলাদেশৰ এনে কাৰ্যৰ পাছত হাত সাৱতি বহি থকা নাই ভাৰতে। চিকেন নেকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা। তথ্য অনুসৰি, শিলিগুৰি ক’ৰিড’ৰত ব্ৰাহ্মছ মিছাইল (Brahmos Missile) আৰু এছ-৪০০ (S 400) ডিফেন্স চিষ্টেম নিয়োগ কৰিছে।
ইমানেই নহয়, আৰু বহু মিছাইল , যুদ্ধ বিমান নিয়োগ কৰা হৈছে। কেৱল বাংলাদেশৰ বাবে নহয়, চীনৰ আগ্ৰাসনৰ প্ৰতিও প্ৰত্যুত্তৰ দিবলৈ সীমান্ত নিৰাপত্তাৰ প্ৰতি গুৰুত্ব দিছে। গতিকে এই কথাই যে বাংলাদেশৰ মূৰ গৰম কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত। উল্লেখ্য যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ইউনুছ চৰকাৰে ভাৰতক বিভিন্ন ভাবুকি দি আহিছে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
