শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Akshaye Khanna: ছবি ফ্লপ হ'লেও অভিনেতা অক্ষয় খান্নাৰ মুঠ সম্পত্তি কিমান ? জানিলে আচৰিত হ’ব

Akshaye Khanna: ছবি ফ্লপ হ’লেও অভিনেতা অক্ষয় খান্নাৰ মুঠ সম্পত্তি কিমান ? জানিলে আচৰিত হ’ব

manas-borah
Manas Borah | Updated On: 11 Dec 2025 20:08 PM

অক্ষয় খান্নাই প্ৰতিখন ছবিৰ বাবে ২.৫(আঢ়ৈ) কোটি টকা মাননি হিচাপে লয়। এই মুহূৰ্তত কোৱা হৈছে যে, তেওঁৰ সৃষ্টিৰাজিত প্ৰায় কোনো ছবি নাই বুলিয়ে ক’ব পাৰি। অৱশ্যে সম্পত্তিৰ ক্ষেত্ৰত অক্ষয় বলীউডৰ আন অভিনেতাসকলৰ পৰা বহু পিছ পৰি থকা নাই।

দৰ্শকে কয় যে, ধুৰন্ধৰ(Dhurandhar)ৰ ৰণবীৰ সিঙৰ ছবি একেবাৰেই নহয়, বৰঞ্চ, এই ছবিখন সম্পূৰ্ণৰূপে অক্ষয় খান্নাৰ। এজন শক্তিশালী পাকিস্তানী গেংষ্টাৰৰ চৰিত্ৰত তেওঁৰ আচাৰ-ব্যৱহাৰক লৈ বৰ্তমান আচৰি হৈছে চিনেমাপ্ৰেমীসকল। ধুৰন্ধৰৰ বিভিন্ন ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অক্ষয়ক প্ৰশংসা কৰিছে নেটিজেনে। দুই এখন ছবিত সুযোগ লাভ কৰি বিভিন্ন ছবিত সৰু-সুৰাকৈ অভিনয় কৰি অহা অভিনেতাগৰাকীয়ে কামবেক কৰিছে ধুৰন্দৰ ছবিখনৰ জৰিয়তে। অভিনেতা হিচাপে অক্ষয় কিমান প্ৰতিভাশালী প্ৰতিটো দৃশ্যতে তেওঁ প্ৰমাণ কৰিছে।

তথ্য অনুসৰি, ৰণবীৰ সিঙে ‘ধুৰন্ধৰ’ ছবিখনৰ বাবে ৫০ কোটি টকা মাননি লাভ কৰিছিল। আনহাতে অক্ষয় খান্নাৰ মাচুল বহু কম। অক্ষয় খান্নাই প্ৰতিখন ছবিৰ বাবে ২.৫(আঢ়ৈ) কোটি টকা মাননি হিচাপে লয়। এই মুহূৰ্তত কোৱা হৈছে যে, তেওঁৰ সৃষ্টিৰাজিত প্ৰায় কোনো ছবি নাই বুলিয়ে ক’ব পাৰি। অৱশ্যে সম্পত্তিৰ ক্ষেত্ৰত অক্ষয় বলীউডৰ আন অভিনেতাসকলৰ পৰা বহু পিছ পৰি থকা নাই।