Union Budget 2025: কৃষকলৈ বাজেটে আনিছে সুখৰ বতৰা, জানক কি কি বৃ্হৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এই সাধাৰণ বাজেটত কেন্দ্ৰীয় চৰকাৰে কৃষক, যুৱক-যুৱতী, মহিলাৰ আৰু দৰিদ্ৰ লোকসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এই বাজেটৰ কেন্দ্ৰবিন্দু হৈছে 'GYAN' অৰ্থাৎ দৰিদ্ৰ শ্ৰেণীৰ লোক, যুৱক-যুৱতী, কৃষক আৰু মহিলা শক্তি
বাজেট দাখিলৰ আৰম্ভণিতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষকৰ প্ৰসঙ্গ উল্লেখ কৰে। ৰাজ্যৰ সৈতে অংশীদাৰিত্বৰে জিলাভিত্তিক কাৰ্যসূচীৰ বিষয়ে বাজেট ভাষণত উল্লেখ কৰি সীতাৰমণে লগতে ইয়াৰ দ্বাৰা ১.৭ কোটি কৃষক উপকৃত হ’ব বুলি মন্তব্য কৰে। লগতে তেওঁ ৬ বছৰৰ ভিতৰত ভাৰতে দাইল উৎপাদনত স্বাৱলম্বী হ’ব বুলিও দৃঢ়তাৰে কয়। গ্ৰামাঞ্চলৰ উন্নয়নৰ বাৰ্তাও প্ৰদান কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ঘৰুৱাভাৱে খাব পৰা তেল উৎপাদন কৰা হ’ব বুলিও জানিবলৈ দিয়ে। বিশেষকৈ দেশৰ কৃষি খণ্ড শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষকসকলৰ বাবে বহুকেইটা বৃ্হৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ ভিতৰত কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা বৃদ্ধিৰ সিদ্ধান্ত অন্যতম।
দেশৰ কৃষকসকলৰ উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ভাষণত উল্লেখ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। ইয়াৰ আধাৰতে কিষাণ ক্ৰেডিট কাৰ্ডত কৃষকৰ বাবে ঋণৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে।