শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিয়াৰ পাছত আপোনাৰো বৃদ্ধি পাইছে নেকি ওজন? জানক সবিশেষ...

বিয়াৰ পাছত আপোনাৰো বৃদ্ধি পাইছে নেকি ওজন? জানক সবিশেষ…

Barasha Sarma
Barasha Sarma | Published: 19 Jul 2025 21:13 PM

প্ৰায়ভাগ মানুহৰে বিয়াৰ পাছত ওজন বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। ইয়াৰোপৰি জীৱনশৈলী পৰিবৰ্তন কৰি এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।

প্ৰায়ভাগ মানুহৰে বিয়াৰ পাছত ওজন বৃদ্ধি হোৱা দেখা যায়। কেতিয়াবা ওজন ইমানেই বৃদ্ধি পাই যে ই অশান্তিৰ কাৰণ হৈ পৰে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)য়ে প্ৰকাশ কৰা মতে, দেশৰ প্ৰতি চাৰিগৰাকী স্বামী-স্ত্ৰীৰ ভিতৰত এগৰাকীয়ে মেদবহুলতাৰ বিৰুদ্ধে যুঁজি আছে। ফলত দৈনন্দিন জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

মেদবহুলতা প্ৰায়ে বংশগতভাৱে হয়। কিন্তু বিয়াৰ পাছত ওজন বৃদ্ধি হোৱাটো জিনীয় কাৰণ বুলি ক’ব নোৱাৰি।। ওজন বৃদ্ধিৰ ফলত শৰীৰৰ তলৰ অংশত অধিক চাপ পৰে। ইয়াৰ ফলত আঁঠু আৰু কঁকালৰ বিষ হ’ব পাৰে। ই মানুহৰ আত্মবিশ্বাসতো প্ৰভাৱ পেলায়। গতিকে ইয়াৰ কাৰণসমূহ জানি এই সমস্যাৰ পৰা হাত সৰাৰ উপায় অৱলম্বন কৰিব পাৰি।