শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সলনি হৈছে প্ৰেমৰ সংজ্ঞা…এতিয়া পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত প্ৰেম!

সলনি হৈছে প্ৰেমৰ সংজ্ঞা…এতিয়া পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত প্ৰেম!

raj-saikia
Raj Saikia | Published: 27 Oct 2025 19:34 PM

ডিজিটেল যুগে সম্পৰ্কৰ প্ৰকৃতি সলনি কৰি দিছে—ডেটিং এপ, ছ’চিয়েল মিডিয়া, আৰু ভাৰ্চুৱেল অন্তৰংগতাৰ সৈতে পূৰ্বতকৈ অধিক জটিল হৈ পৰিছে নতুন প্ৰজন্মৰ জীৱন। এনে পৰিৱৰ্তিত পৰিস্থিতিত এই পাঠ্যক্ৰমে আপোনাক সম্পৰ্কত ‘বিৰূপ’ আচৰণ, ঈৰ্ষা, অনাস্থা, আৰু সম্পৰ্ক বিচ্ছেদৰ পিছত মানসিক ভাৰসাম্য ঘূৰাই অনাৰ কৌশল কেনেকৈ গ্ৰহণ কৰিব পাৰি, সেই বিষয়েও শিকাব।

নতুন প্ৰজন্মৰ আবেগ, সম্পৰ্ক, বিচ্ছেদ, মনৰ খেলিমেলি আদি পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি দিল্লী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এক অভিনৱ পাঠ্যক্ৰম। ‘Negotiating Intimate Relationships’, স্নাতক মহলাত মনোবিজ্ঞান বিষয়ৰ এই ঐচ্ছিক পাঠ্যক্ৰম ২০২৫-২৬ শিক্ষাবৰ্ষত আৰম্ভ কৰা হৈছে।

বন্ধুত্ব কেনেকৈ প্ৰেমলৈ পৰিণত হয়, দীৰ্ঘম্যাদী সম্পৰ্ক কিমান স্থায়ী হয়, আৰু ‘ৰেড ফ্লেগ’ কেতিয়া আৰম্ভ হয়, সকলোবোৰ এই পাঠ্যক্ৰমত বুজোৱা হ’ব। এই পাঠ্যক্ৰমে নতুন প্ৰজন্মক কেৱল প্ৰেম-ভালপোৱা বুজিবলৈ নিশিকায়, সম্পৰ্কৰ ভিতৰৰ আৱেগ আৰু দায়িত্বক নতুন দৃষ্টিৰে চাবলৈ শিকাব।

এই পাঠ্যক্ৰমত নতুনত্বও আছে। ছাত্ৰ-ছাত্ৰীসকলে কেৱল কিতাপৰ পৰাই নহয়, জীৱন কাহিনীৰ পৰাও শিকিব। প্ৰতি সপ্তাহত তিনিটা বক্তৃতা আৰু এটা টিউটৰিয়েল চেচনত চিনেমাৰ বিশ্লেষণ থাকিব। গ্ৰুপ আলোচনাও অব্যাহত থাকিব। একে সময়তে ছ’চিয়েল মিডিয়াৰ পৰা বিভিন্ন উদাহৰণৰ জৰিয়তে সম্পৰ্কৰ মনোবিজ্ঞানৰ বিষয়েও ব্যাখ্যা কৰা হ’ব।

ডিজিটেল যুগে সম্পৰ্কৰ প্ৰকৃতি সলনি কৰি দিছে—ডেটিং এপ, ছ’চিয়েল মিডিয়া, আৰু ভাৰ্চুৱেল অন্তৰংগতাৰ সৈতে পূৰ্বতকৈ অধিক জটিল হৈ পৰিছে নতুন প্ৰজন্মৰ জীৱন। দিনক দিনে বৃদ্ধি পাইছে সম্পৰ্কৰ অস্থিৰতা, মানসিক চাপ, আনকি হিংসাৰ ঘটনা। এনে পৰিৱৰ্তিত পৰিস্থিতিত এই পাঠ্যক্ৰমে আপোনাক সম্পৰ্কত ‘বিৰূপ’ আচৰণ, ঈৰ্ষা, অনাস্থা, আৰু সম্পৰ্ক বিচ্ছেদৰ পিছত মানসিক ভাৰসাম্য ঘূৰাই অনাৰ কৌশল কেনেকৈ গ্ৰহণ কৰিব পাৰি, সেই বিষয়েও শিকাব।