শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হঠাতে প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ দৌৰি গ’ল বিৰাট-অনুষ্কা!

হঠাতে প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ দৌৰি গ’ল বিৰাট-অনুষ্কা!

Manas Borah
Manas Borah | Published: 17 Dec 2025 19:53 PM

শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বৃন্দাবনৰ ভাৰাহ ঘাটত থকা আশ্ৰমত প্ৰেমানন্দজী মহাৰাজক সাক্ষাৎ কৰে। খবৰ অনুসৰি বিৰুষ্কাই প্ৰেমানন্দজী মহাৰাজৰ সৈতে প্ৰায় ডেৰ ঘণ্টা কথা পাতিছিল।

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা যোৱা সপ্তাহত দুই সন্তানৰ সৈতে লণ্ডনৰ পৰা ঘৰলৈ উভতি আহিছিল। আৰু সপ্তাহটো শেষ হোৱাৰ লগে লগে লৰালৰিকৈ গ’ল প্ৰেমানন্দ মহাৰাজক লগ কৰিবলৈ। শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বৃন্দাবনৰ ভাৰাহ ঘাটত থকা আশ্ৰমত প্ৰেমানন্দজী মহাৰাজক সাক্ষাৎ কৰে। খবৰ অনুসৰি বিৰুষ্কাই প্ৰেমানন্দজী মহাৰাজৰ সৈতে প্ৰায় ডেৰ ঘণ্টা কথা পাতিছিল। জানিব পৰা মতে, মহাৰাজে অনুষ্কা আৰু বিৰাটক পৃথকে পৃথকে মাতি কিছু মন্ত্ৰণা দিছিল।

এতিয়া অনুৰাগীৰ মাজত এটাই প্ৰশ্ন, প্ৰেমানন্দজী মহাৰাজৰ লগত দুয়োজনে কি কথা পাতিলে? ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত কোহলী আৰু অনুষ্কাক প্ৰেমানন্দজী মহাৰাজৰ সৈতে আধ্যাত্মিক বাৰ্তালাপত অংশগ্ৰহণ কৰা দেখা গৈছে। ভজন মাৰ্গৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত প্ৰেমানন্দজী মহাৰাজে কোহলী আৰু অনুষ্কাক কয় যে, তেওঁলোকৰ কামক “ঈশ্বৰৰ সেৱা” বুলি গণ্য কৰিব লাগে।