শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মহিলাসকলক লৈ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ বিশেষ বাৰ্তা...

মহিলাসকলক লৈ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ বিশেষ বাৰ্তা…

barasha-sarma
Barasha Sarma | Published: 28 Nov 2025 18:39 PM

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'। য'ত অভিনেত্ৰী ঐশ্বৰ্য ৰয় বচ্চনে মহিলাসকলক বিশেষ বাৰ্তা দিয়ে। তেওঁ কয় যে, এতিয়া মনে মনে থকাৰ সময় নহয়। অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে।

মহিলাসকলক লৈ অভিনেত্ৰী ঐশ্বৰ্য ৰয় বচ্চনে এক শক্তিশালী বাৰ্তা দিয়ে। অৱশ্যে এয়াই প্ৰথম নহয়, প্ৰায়ে তেওঁ মহিলাসকলৰ হৈ মাত মাতে। অভিনেত্ৰী ঐশ্বৰ্য সৌন্দৰ্যৰ লগতে তেওঁৰ ব্যক্তিত্বৰ বাবেও জনাজাত। কিছুমাহ পূৰ্বে ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰি চলিছিল। কিন্তু আজি পৰ্যন্ত সেই বিষয়ত তেওঁ নিশ্চুপ হৈ আছে। পিছে অন্য মহিলাৰ সৈতে হোৱা অত্যাচাৰ বা অন্যায় সন্দৰ্ভত তেওঁ মনে মনে নাথাকে।

শেহতীয়াকৈ ৰাজপথত মহিলাসকলৰ ওপৰত হোৱা অত্যাচাৰ সন্দৰ্ভত মাত মাতিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ সকলোকে ইয়াৰ বিৰুদ্ধে থিয় দিবলৈ কৈছে। তেওঁ কৈছে, মোৰ শৰীৰ, মোৰ সম্পত্তি গতিকে ইয়াক ৰক্ষা কৰাৰ দায়িত্ব নিজৰ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’।

সবিশেষৰ বাবে চাওক ভিডিঅ’…