শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কেটৰিনাৰ পূৰ্বে কোন অভিনেত্ৰীৰ সৈতে আছিল বিকিৰ প্ৰেমৰ সম্পৰ্ক?

কেটৰিনাৰ পূৰ্বে কোন অভিনেত্ৰীৰ সৈতে আছিল বিকিৰ প্ৰেমৰ সম্পৰ্ক?

trishna-kalita
Trishna Kalita | Published: 15 Sep 2025 19:30 PM

২০২১ চনৰ ডিচেম্বৰ মাহত বিকি কৌশল আৰু কেটৰিনা কাইফ বিবাহপাশত আবদ্ধ হয়।সেই বছৰতে বিকিয়ে ফিল্মী বঁটা লাভ কৰে। এতিয়া সেই বঁটাৰ আধাৰত পোহৰলৈ আহিছে বিকিৰ গোপন প্ৰেম কাহিনী। পিছে কোন সেই প্ৰেমীকা?

বলীউডৰ বহু যুটীয়ে অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। তাৰ মাজৰে এটা জনপ্ৰিয় যুটী হ’ল কেটৰিনা কাইফ আৰু বিকি কৌশলৰ। কোনেও আভাস পোৱা নাছিল কেটৰিনা কাইফ আৰু বিকি কৌশলৰ প্ৰেমৰ কথা। তাৰ পিছত এদিন হঠাতে বলীউডত বিস্ফোৰিত হৈছিল এই বোমা। সকলোকে আচৰিত কৰি কঠোৰ নিৰাপত্তা আৰু গোপনীয়তাৰ মাজত এক বৃহৎ অনুষ্ঠানত কেট আৰু ভিকিয়ে বিবাহপাশত আবদ্ধ হয়। কিন্তু কেটৰিনাৰ আগতে বিকি কৌশল কাৰ প্ৰেমত পৰিছিল জানেনে?

এসময়ত বিকি কৌশলৰ সম্পৰ্ক আছিল ৰাধিকা মদনৰ সৈতে। বিভিন্ন সময়ত মুম্বাইৰ ৰাজপথত দেখা গৈছিল যুটিটোক। অৱশ্যে তেওঁলোকে ৰাজহুৱাভাৱে কৈছিল, “আমি মাত্ৰ বন্ধু।” এই সময়তে ২০২১ চনত বিকি কৌশলে যি বঁটা লাভ কৰিছিল সেয়া ৰাধিকাৰ শ্বোকেচত ধৰা পৰিছিল।