নোবেলক লৈ চৰ্চা! ইচ্ছা কৰিলেই নোবেল হস্তান্তৰ কৰিব পাৰি নেকি?
ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ পুনৰুদ্ধাৰ আৰু শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰৰ সুবিধা প্ৰদানৰ বাবে কৰা কামৰ বাবে ২০২৫ চনত মাচাডোৱে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
তিনিখন নহয়, আঠখন যুদ্ধ বন্ধ কৰিছে! তেওঁ শান্তিৰ নোবেল বঁটাৰ যোগ্য। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নোবেল বঁটা বিচাৰিছিল , কিন্তু নাপালে। তেওঁৰ এই ইচ্ছা পূৰণ কৰে ২০২৫ চনৰ শান্তিৰ নোবেল বঁটা বিজয়ী মাৰিয়া ক’ৰিনা মাচাডোৱে (Maria Corina Machado)। ট্ৰাম্পেও হাঁহি হাঁহি এই বঁটা গ্ৰহণ কৰে। কিন্তু প্ৰকৃততে নোবেল বঁটা এনেদৰে হস্তান্তৰ কৰিব পাৰিনে?
হোয়াইট হাউছত ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰিছে মাৰিয়া ক’ৰিনা মাচাডোৱে। নোবেল বঁটা লাভ কৰাৰ পিছত ট্ৰাম্পে কয় যে, “এইটো পাৰস্পৰিক সন্মানৰ এক উল্লেখযোগ্য উদাহৰণ। মাচাডোৰ যুক্তি আৰু ভেনিজুৱেলাৰ স্বাধীনতা পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পালন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে, যাৰ বাবে তেওঁ নোবেল বঁটা প্ৰদান কৰিছে।” মাচাডোৱে নিজৰ বঁটা ট্ৰাম্পক অৰ্পণ কৰিলে ঠিক, কিন্তু নোবেল কমিটীয়ে কয় যে নোবেল বঁটা এনেদৰে আন কাৰোবাক দিব নোৱাৰি, নোবেল বঁটা ভাগো কৰিব নোৱাৰি।
সবিশেষৰ বাবে চাওক এই ভিডিঅ…
