Assam Top9: পলকতে চাও আহক আজিৰ দিনটোত ক’ত কি ঘটিল
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। ২০২৬ ৰ নিৰ্বাচনৰ ৰণকৌশল যুগুত কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক সভাত অংশ লয় কেন্দ্ৰীয় নেতাগৰাকীয়ে। লগতে আন কেবাটাও সাংগঠনিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব নীতিন নবীনে।
আজি ২৬ ডিচেম্বৰ, ২০২৫, শুক্ৰবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল:
১. দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। ২০২৬ ৰ নিৰ্বাচনৰ ৰণকৌশল যুগুত কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক সভাত অংশ লয় কেন্দ্ৰীয় নেতাগৰাকীয়ে। লগতে আন কেবাটাও সাংগঠনিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব নীতিন নবীনে। গুৱাহাটী বিমান বন্দৰত নীতিন নবীনক উষ্ম আদৰণি জনায় বিজেপিৰ নেতা-কৰ্মীয়ে।
২. নলবাৰীত বৰদিন উদযাপনত বাধাৰ সৃষ্টি কৰি তাণ্ডৱ চলোৱা হিন্দু সংগঠনৰ চাৰিজন গ্ৰেপ্তাৰাধীন সদস্যক আজি হাজিৰ কৰোৱা হয় আদালতত। ছেইণ্ট মেৰিজ ইংলিছ স্কুলত বৰদিনৰ প্ৰস্তুতি চলোৱাৰ সময়তে যীশুৰ মূৰ্তি ভঙাৰ লগতে বিভিন্ন আচবাব ভাঙি লণ্ডভণ্ড কৰিছিল হিন্দু সংগঠনৰ সদস্যই। এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
৩. তিৱা-ৰাভা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক স্বীকৃতি সন্দৰ্ভত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হয় তিনিওটা পৰিষদৰ প্ৰতিনিধি। এই বিষয়ত আলোচনা কৰিবলৈ এজন আলোচক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই আশ্বাসক হৃদয়স্পৰ্শী বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৪. কাৰ্বি আংলঙত একাংশ অনা কাৰ্বি লোকে কাৰ্বি-বিৰোধী শ্ল’গান দিয়া ঘটনাত আশ্চৰ্য প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰে। এই কাৰ্যক ধিক্কাৰ দি গৌৰৱ গগৈয়ে কয় যে এনে কাৰ্যই বৰ্তমানৰ সংঘাতত ইন্ধন যোগাব পাৰে। সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈও আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
৫. বিগত প্ৰায় চাৰিদিন ধৰি অশান্ত হৈ পৰা পশ্চিম কাৰ্বি আংলঙত বৰ্তমান বিৰাজ কৰিছে শান্তি। কিন্তু বৰ্তমানেও নিশা কাৰ্ফিউৰ লগতে বন্ধ কৰি ৰখা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। ইফালে আজি গুৱাহাটীত আলোচনাত মিলিত হোৱাৰ কথা প্ৰতিবাদকাৰীৰ প্ৰতিনিধি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
