শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি২০ লৈ দিনটোৰ শীৰ্ষ খবৰ

জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি২০ লৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-sarma
Barasha Sarma | Published: 29 Oct 2025 22:08 PM

Top9 news: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। আজি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয় জুবিন গাৰ্গৰ চিতাভস্ম। গৰিমা শইকীয়া গাৰ্গে বিসৰ্জন দিয়া চিতাভস্ম।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম আজি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয়। পত্নী গৰিমা শইকীয়া গাৰ্গে চিতাভস্ম বিসৰ্জন দিয়ে। এই সময়চোৱাত ভগ্নী পামী বৰঠাকুৰ আৰু পৰিয়ালৰ আন লোকসকল উপস্থিত থাকে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। তেওঁ কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো অন্য দিশলৈ নিয়াৰ চেষ্টা কৰা হৈছে।

কলাইগাঁৱত আজি জুবিন গাৰ্গক শ্ৰদ্ধা জনাই  বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বহু লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।

ইফালে আইনী সহায় বিচাৰি হাবাথুৰি খাইছে শ্যামকানু মহন্তৰ পত্নীয়ে। কোনো অধিবক্তাই সহায় কৰিব বিচৰা নাই। যাৰ বাবে তেওঁ বিপাঙত পৰিছে।  উল্লেখ্য যে,জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত বৰ্তমান জেলত আছে শ্যামকানু।

বৰষুণৰ বাবে পৰিত্যক্ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰথমখন টি২০ মেচ।