শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কাৰ্বি আংলঙত RRF মোতায়েনৰ পৰা চীনৰ নতুন কাণ্ডলৈ, দিনটোৰ খবৰ...

কাৰ্বি আংলঙত RRF মোতায়েনৰ পৰা চীনৰ নতুন কাণ্ডলৈ, দিনটোৰ খবৰ…

barasha-sarma
Barasha Sarma | Published: 24 Dec 2025 22:36 PM

Top9 News: প্ৰতিদিনে ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। আজিও তেনে কেইটামান ঘটনা এই প্ৰতিবেদনত উল্লেখ কৰা হ'ল। য'ত অসমৰ কাৰ্বি আংলঙৰ পৰা চীনৰ নতুন ষড়যন্ত্ৰৰ খবৰ সন্নিবিষ্ট কৰা হৈছে।

এতিয়াও শান্ত হৈ উঠা নাই কাৰ্বি আংলং। শেহতীয়াকৈ কাৰ্বি আংলঙত মোতায়েন কৰা হৈছে আৰ আৰ এফ। উল্লেখ্য যে, জিলাখনত সংঘটিত হোৱা হিংসাত্মক ঘটনাত এতিয়ালৈকে ২ জনৰ মৃত্যু আৰু প্ৰায় ৪৫ জন আহত হৈছে। এই ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পুনৰ অসমত আটক হয় কেইবাজনো বাংলাদেশী। জানিব পৰা মতে, আটক হোৱা কেইজনক কিছুদিন পূৰ্বে আৰক্ষীয়ে আটক কৰি ঘূৰাই পঠিয়াইছিল। কিন্তু পুনৰ তেওঁলোকে এনেদৰে অসমত অনুপ্ৰৱেশৰ চেষ্টা চলায়।

চীনে কৰি আছে এক ভয়ংকৰ ষড়যন্ত্ৰ। ২০৪৯ চনৰ ভিতৰত চীনে বৃহত্তৰ চীন গঢ়ি তোলাৰ সপোন দেখিছে। ইয়াৰ ভিতৰত চীনে অৰুণাচল প্ৰদেশৰ ওপৰতো চকু ৰাখিছে। আমেৰিকাৰ এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। যিয়ে চিন্তাত পেলাইছে ভাৰতক।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…