কৰ্কট চিকিৎসাৰ মাচুল বৃদ্ধিৰ পৰা কংগ্ৰেছৰ জন সজাগতা অভিযানলৈ দিনটোৰ শীৰ্ষ খবৰ

Aug 13, 2025 | 10:21 PM

১. বৃদ্ধি পালে গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা সেৱাৰ মাচুল। ইয়াৰ মাজতে ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ২. কৰ্কট চিকিৎসাৰ মাচুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, এই খৰচ চৰকাৰে দিব। ৩. বিটিচি নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কোকৰাঝাৰত জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। লগতে থাকে ৰাজ্যিক সভাপতি […]

১. বৃদ্ধি পালে গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা সেৱাৰ মাচুল। ইয়াৰ মাজতে ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

২. কৰ্কট চিকিৎসাৰ মাচুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, এই খৰচ চৰকাৰে দিব।

৩. বিটিচি নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কোকৰাঝাৰত জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। লগতে থাকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া।

৪. ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰ আটাইকেইজনে।

৫. গুৱাহাটীত পুনৰ কৃত্ৰিম বান। নেৰানেপেৰা বৰষুণৰ ফলত কেইবাটা অঞ্চল প্লাবিত।

৬. NCERT ৰ সংশোধিত অষ্টম শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিত আহোম সাম্ৰাজ্যৰ সন্দৰ্ভত বিকৃত তথ্য প্ৰকাশৰ অভিযোগ।

৭. ভোট চুৰিৰ অভিযোগৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিযান অব্যাহত।

৮. হোজাইত শূণ্যলৈ আৰক্ষীৰ গুলী।

৯. ভাৰত-আমেৰিকাৰ সম্পৰ্ক পুনৰ সুদৃঢ় হোৱাৰ সম্ভাৱনা।