Operation Sindoor: অপাৰেশ্যন সেন্দূৰৰ পৰা পঞ্চায়ত নিৰ্বাচনলৈ দিনটোৰ শীৰ্ষ খবৰসমূহ

| May 07, 2025 | 10:41 PM

বুধবাৰে নিশা ভাৰতীয় বায়ুসেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ টা স্থানত চলাই আক্ৰমণ । এই অভিযানৰ নাম দিয়া হয় অপাৰেশ্যন সেন্দূৰ । ইফালে, অসমৰ ১৩ খন জিলাত বুধবাৰে অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । অপাৰেশ্যন সেন্দূৰৰ পৰা পঞ্চায়ত নিৰ্বাচনলৈ দিনটোৰ শীৰ্ষ খবৰসমূহ চাওক ।

পহলগাম আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিলে ভাৰতে । বুধবাৰে নিশা ভাৰতীয় বায়ুসেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ টা স্থানত চলাই আক্ৰমণ । এই অভিযানৰ নাম দিয়া হয় অপাৰেশ্যন সেন্দূৰ । পাকিস্তানৰ ভূমিত ভাৰতে চলোৱা অপাৰেশ্যন সেন্দূৰৰ সময়ত প্ৰায় ১০০ সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে । জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ পৰিয়ালৰ প্ৰায় ১৪ গৰাকী সদস্য এই আক্ৰমণত নিহত হোৱা বুলি ভাৰতে দাবী কৰিছে । মাছুদে এক বিজ্ঞপ্তিত পৰিয়ালৰ ১০ গৰাকী সদস্যৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে । ইফালে, অসমৰ ১৩ খন জিলাত বুধবাৰে অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱা ৭.৩০ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰে বিয়লি ৪.৩০ বজাত । অপাৰেশ্যন সেন্দূৰৰ পৰা পঞ্চায়ত নিৰ্বাচনলৈ দিনটোৰ শীৰ্ষ খবৰসমূহ চাওক ।