জুবিন গাৰ্গ গোচৰৰ তদন্তৰ পৰা ভাৰত-ৱেষ্ট ইণ্ডিজ টেষ্টলৈ, চাওক দিনটোৰ খবৰ
ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে। অৱশ্যে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনাইছে ছিংগাপুৰ আৰক্ষীয়ে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে। ইতিমধ্যে এই গোচৰৰ দুই প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ধাৰাবাহিকভাৱে দুয়োকে জেৰা চলাইছে। গোচৰৰ তদন্ত অব্যাহত ৰখাৰ সময়তে চিআইডিয়ে এতিয়া ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা নতুনকৈ সংযোজন কৰিছে। ইফালে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে। অৱশ্যে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনাইছে ছিংগাপুৰ আৰক্ষীয়ে।
আহমেদাবাদত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন টেষ্ট। এই টেষ্টৰ প্ৰথমদিনা আজি প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৬২ ৰানতে প্ৰথম ইনিংছ সামৰে। আনহাতে প্ৰথম ইনিংছ আৰম্ভ কৰি ভাৰতে দিনটোৰ সামৰণিলৈ ২ উইকেটত ১২১ ৰান সংগ্ৰহ কৰিছে।