শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Parliament Winter Session: সংসদৰ শীতকালীন অধিৱেশনৰ পৰা জনজাতিকৰণ বিতৰ্কলৈ দিনটোৰ শীৰ্ষ খবৰ

Parliament Winter Session: সংসদৰ শীতকালীন অধিৱেশনৰ পৰা জনজাতিকৰণ বিতৰ্কলৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 01 Dec 2025 23:37 PM

আজি সোমবাৰৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। সংসদৰ শীতকালীন অধিৱেশনৰ পৰা জনজাতিকৰণ বিতৰ্কলৈ চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

নিশা এন্ধাৰৰ সুযোগ লৈ অসমত প্ৰৱেশৰ চেষ্টা কৰা ১১ বাংলাদেশীক ওভতাই পঠিয়ালে সীমান্তৰক্ষী বাহিনীয়ে। যোৱা নিশা শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশৰ চেষ্টা কৰিছিল ১১ জনীয়া দলটোৱে। কিন্তু আৰক্ষীয়ে সফলতাৰে তেওঁলোকক ঘূৰাই পঠিয়াবলৈ সক্ষম হয়।

ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিবেদনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক তেওঁৰ চৰকাৰে আমন্ত্ৰণ জনাই নথিখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়বোৰ আলোচনা কৰিব। তিনিজন মন্ত্ৰীক দিয়া হৈছে এই দায়িত্ব।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বিধানসভাত দাখিল কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন এক প্ৰহসন বুলি দাবী কৰিছে অসম জাতীয় পৰিষদে। সোমবাৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে যোৱা ছবছৰে ৰাজ্যসভাত পৰি আছে সংবিধান সংশোধনী বিধেয়ক। এতিয়া এইটো নিৰ্বাচনী ললিপপ! ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসমবাসীক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টুপী পিন্ধাইছে বুলিও কয় নেতাগৰাকীয়ে।