Top9: ISI ৰ সৈতে গৌৰৱৰ সম্পৰ্ক, ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ…আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…

May 18, 2025 | 11:16 PM

মুখ্যমন্ত্ৰীয়ে কয় যে,গৌৰৱ গগৈয়ে ISIৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল। তাৰ তথ্য আমাৰ হাতত আছে। তেওঁ ফুৰিবলৈ যোৱা নাছিল। ইয়াৰ তথ্য তেওঁ শীঘ্ৰেই প্ৰদান কৰিব বুলি কয়।

১) চাইবাৰ অপৰাধীৰ বিৰুদ্ধে একশ্যন মুডত অসম আৰক্ষী। এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে আৰম্ভ কৰিছে ‘অপাৰেচন ঘোষ্ট চিম’। এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে ৭ জনক।

২)মুখ্যমন্ত্ৰীয়ে কয় যে,গৌৰৱ গগৈয়ে ISIৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল। তাৰ তথ্য আমাৰ হাতত আছে। তেওঁ ফুৰিবলৈ যোৱা নাছিল। এয়া নিশ্চিত যে তাত তেওঁ প্ৰশিক্ষণ ল’বলৈ গৈছিল।

৩)অসম চৰকাৰ আৰু জাপান চৰকাৰৰ মাজত বুজাবুজি চুক্তি সম্পন্ন। যাৰ জৰিয়তে ১ লাখ যুৱকক কৰ্মসংস্থাপনৰ বাবে জাপানলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ অধীনত অসমৰ যুৱক-যুৱতীয়ে লাভ কৰিব চাকৰি।