শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা টি-২০ বিশ্বকাপৰ ভাৰতীয় দল ঘোষণালৈ... দিনটোৰ শীৰ্ষ খবৰ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা টি-২০ বিশ্বকাপৰ ভাৰতীয় দল ঘোষণালৈ… দিনটোৰ শীৰ্ষ খবৰ

trishna-kalita
Trishna Kalita | Published: 20 Dec 2025 23:05 PM

চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈয়েই নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। তাৰ পাছতেই তেওঁ উন্মোচন কৰে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ এটি সুউচ্চ প্ৰতিমূৰ্তি।

গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ পাছতেই জনতাক সম্বোধি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়া ভাষাতেই নিজৰ ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।   শনিবাৰে পুৱতি নিশা নগাঁও জিলাৰ কামপুৰত সংঘটিত হয় এক শোকাৱহ ঘটনা। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱাই ৭ টাকৈ বনৰীয়া হাতীয়ে। হাতীৰ জাকটোৱে ৰেলপথ পাৰ হোৱাৰ সময়তেই তীব্ৰবেগী ৰে’লখনে খুন্দা মাৰে। এই দুৰ্ঘটনাত ৰে’লখনৰ পাঁচটা ডবা আৰু ইঞ্জিন ৰে’লপথৰ পৰা আঁতৰি যায়। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।