হাগ্ৰামাৰ বিটিচি দখলৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তলৈ… দিনটোৰ শীৰ্ষ খবৰ
অক্টোবৰৰ ২০ তাৰিখৰ ভিতৰত ঘোষণা হ’ব নিযুক্তি পৰীক্ষাৰ ফলাফল। এই সন্দৰ্ভত ফেচবুক লাইভযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে শাসনলৈ উভতিল হাগ্ৰামা মহিলাৰী। মুঠ ৪০ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিলে বিপিএফে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ন্য়ায়ৰ দাবী উত্থাপন হৈছে, সেই অনুসৰি ন্যায় প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুৰ্গাপূজাৰ পাছতেই ৬ অক্টোবৰত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰো নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
অক্টোবৰৰ ২০ তাৰিখৰ ভিতৰত ঘোষণা হ’ব নিযুক্তি পৰীক্ষাৰ ফলাফল। এই সন্দৰ্ভত ফেচবুক লাইভযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰত ঘোষণা কৰা হ’ব। ১৫ অক্টোবৰত ADREৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ’ব। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।