ভোট গণনাৰ পৰা, ভাৰত-পাকিস্তানলৈ… দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…

May 12, 2025 | 10:45 PM

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। অভিযোগ অনুসৰি, মৃণ্ময় বৰ্মন নামৰ ১০ বছৰীয়া শিশুটিক মাতৃৰ নিৰ্দেশতেই হত্যা কৰিছিল প্ৰেমিক জিতুমণিয়ে।

১) ৰাজ্যত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। ১১ মে‘, দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনা আজি পৰ্যন্ত চলি আছে । ১২ মে’ত ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত ভোটগণনা হৈছে। ইতিমধ্যে অধিকাংশ আসনত বিজেপি মিত্ৰজোটে জয়লাভ কৰিছে। উল্লেখ্য যেযোৱা ২ আৰু ৭ মেত দুটা পৰ্যায়ৰ অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ প্ৰক্ৰিয়া।

) পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। অভিযোগ অনুসৰিমৃণ্ময় বৰ্মন নামৰ ১০ বছৰীয়া শিশুটিক মাতৃৰ নিৰ্দেশতেই হত্যা কৰিছিল প্ৰেমিক জিতুমণিয়ে। আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে অভিযুক্তই। উল্লেখ্য যেদেওবাৰে গুৱাহাটীত ট্ৰলীৰ ভিতৰত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ।