শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
India-Pakistan Tension: ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পৰা আইপিএল স্থগিতলৈকে দিনটোৰ শীৰ্ষ খবৰসমূহ

India-Pakistan Tension: ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পৰা আইপিএল স্থগিতলৈকে দিনটোৰ শীৰ্ষ খবৰসমূহ

manas-borah
Manas Borah | Published: 09 May 2025 22:30 PM

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ । ভাৰত একত্ৰিত হৈ আছে, ভুৱা বাতৰি প্ৰত্যাখ্যান কৰিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । লগতে সেনা বাহিনীক দুৰ্বল কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ লগতে চৰকাৰী নিৰ্দেশনা পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ । ভাৰত একত্ৰিত হৈ আছে, ভুৱা বাতৰি প্ৰত্যাখ্যান কৰিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । লগতে সেনা বাহিনীক দুৰ্বল কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ লগতে চৰকাৰী নিৰ্দেশনা পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ।

একেদৰে কাইলৈ চাৰি বছৰ সম্পূৰ্ণ কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে । ভাৰত-পাকিস্তান উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এই উপলক্ষে অনুষ্ঠিত নহয় কোনো বিশেষ অনুষ্ঠান। আনুষ্ঠানিক কাৰ্যসূচী হিচাপে এখন মাত্র সংবাদ মেল অনুষ্ঠিত কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ ।

১০ মে’ৰ পাছত অনুষ্ঠিত নহয় কোনো বিহুৰ অনুষ্ঠান । অহা ১০ মে’ৰ পৰা পূৰ্ব নিৰ্ধাৰিত বাকী থকা সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । লগতে বৰ্তমান সময়ত ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।