শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
চিৰিয়াখানাত বিক্ৰী কৰা হৈছে বাঘৰ মূত্ৰ, বাত-বিষ নিৰাময়ৰ দাবী কতৃপক্ষৰ!

চিৰিয়াখানাত বিক্ৰী কৰা হৈছে বাঘৰ মূত্ৰ, বাত-বিষ নিৰাময়ৰ দাবী কতৃপক্ষৰ!

Trishna Kalita
Trishna Kalita | Updated On: 30 Jan 2025 18:23 PM

এখন স্থানীয় চিৰিয়াখানা শৰীৰত বাত বিষ অৰ্থাৎ আৰ্থ্ৰাইটিছ সম্পৰ্কীয় একাধিক ৰোগ নিৰাময় কৰিবলৈ বটলযুক্ত বাঘৰ মূত্ৰ বিক্ৰী কৰি আহিছে। চিৰিয়াখানা কৰ্তৃপক্ষই দাবী কৰে যে শৰীৰত যিকোনো ধৰণৰ পেশীৰ বিষ বা বাত বিষ নিৰাময় কৰিবলৈ এই মূত্ৰ বগা ৱাইন আৰু আদাৰ সৈতে মিহলি কৰিলে বিষ অনুভৱ হোৱা ঠাইত লগালে ই যাদুৰ দৰে কাম কৰে।

দক্ষিণ চীনৰ চিচুয়ান প্ৰদেশৰ এখন স্থানীয় চিৰিয়াখানাত বিক্ৰী কৰা হৈছে বাঘৰ মূত্ৰ। বটলত ভৰাই বিক্ৰী  কৰা হয় এই মূত্ৰ। দেশখনৰ এখন স্থানীয় চিৰিয়াখানা শৰীৰত বাত বিষ অৰ্থাৎ আৰ্থ্ৰাইটিছ সম্পৰ্কীয় একাধিক ৰোগ নিৰাময় কৰিবলৈ বটলযুক্ত বাঘৰ মূত্ৰ বিক্ৰী কৰি আহিছে।  ২৫০ গ্ৰাম চাইবেৰিয়ান বাঘৰ মূত্ৰৰ দাম ৫০ চীনা মুদ্ৰা বা ভাৰতীয় হিচাপত প্ৰায় ৬০০ টকা। চিৰিয়াখানা কৰ্তৃপক্ষই দাবী কৰে যে শৰীৰত যিকোনো ধৰণৰ পেশীৰ বিষ বা বাত-বিষ নিৰাময় কৰিবলৈ এই মূত্ৰ বগা ৱাইন আৰু আদাৰ সৈতে মিহলি কৰিলে বিষ অনুভৱ হোৱা ঠাইত লগালে ই যাদুৰ দৰে কাম কৰে।  কিছুসময়ৰ ভিতৰতে বিষৰ পৰা সকাহ পাব। সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, চিৰিয়াখানাৰ এজন কৰ্মচাৰীয়ে দাবী কৰিছে যে, বাঘৰ পিঞ্জৰাৰ পৰা এই মূত্ৰ সংগ্ৰহ কৰা হয়। তাৰ পিছত বটলত ভৰাই বিক্ৰী কৰা হয়।