বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফিটা কাটি মুকলি কৰিলে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক। লগতে স্মাৰক ক্ষেত্ৰত থকা 'শ্বহীদ প্ৰণাম জ্যোতি'ত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে মুখ্যমন্ত্ৰীয়ে।
আজি ১০ ডিচেম্বৰ, শ্বহীদ দিৱস। অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। অসম চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস। এই উপলক্ষে গুৱাহাটীৰ বৰাগাঁৱত ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আটকধুনীয়া শ্বহীদ স্মাৰক ৰাইজৰ বাবে মুকলি কৰা হয়। অসম আন্দোলনত শ্বহীদ হোৱা বীৰ-বীৰাংগনাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে এই স্মাৰক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফিটা কাটি মুকলি কৰিলে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক। লগতে স্মাৰক ক্ষেত্ৰত থকা ‘শ্বহীদ প্ৰণাম জ্যোতি’ত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ লগতে শ্বহীদ স্মাৰকত উপস্থিত সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী।
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
