ভৰিব লাগিব অধিক ধন!পুনৰ বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য…
Phone Recharge Price Hike: পুনৰ বৃদ্ধি পাব পাৰে ৰিচাৰ্জৰ মূল্য। জানিব পৰা মতে, একাংশ টেলিকম কোম্পানীৰ ৰাজহৰ পৰিমাণ হ্ৰাস পাইছে যাৰ বাবে মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যিয়ে আপোনাৰ খৰচ বৃদ্ধি কৰিব।
আগন্তুক সপ্তাহৰ পৰা ফোন ৰিচাৰ্জৰ বাবে আপুনি ভৰিব লাগিব অধিক ধন। কিয়নো পুনৰ একাংশ টেলিকম কোম্পানীয়ে ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰাৰ কথা ভাবিছে। যদি ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰে তেন্তে অহা সপ্তাহৰ পৰা আপোনাৰ খৰচ আৰু অধিক বৃদ্ধি পাব। এতিয়ালৈকে এই কথা চূড়ান্ত হোৱা নাই যদিও সম্ভাৱনা বেছি। জানিব পৰা মতে, জিঅ’ৰ বাহিৰে আন সকলোৱে ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ কৰা চিন্তা কৰিছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যম দ্য ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি দেশৰ প্ৰায়বোৰ টেলিকম কোম্পানীৰ ছেপ্টেম্বৰৰ ৰাজহ পূৰ্বৰ ত্ৰৈমাসিকৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। যাৰ বাবে তেওঁলোকে মূল্যবৃদ্ধিৰ কথা চিন্তা কৰিছে। এই মূল্য ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ…
Latest Videos
