৯৭ খন তেজছ Mk-A1 ৰ বাবে ৬২,৩৭০ কোটি টকাৰ চুক্তি
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সৈতে প্ৰায় ৬২,৩৭০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিলে হিন্দুস্তান এৰ’নটিক্স লিমিটেড চমুকৈ HAL এ। কিন্তু এই চুক্তি কিহৰ বাবে জানেনে? ৯৭খন তেজছ Mk-1A যুদ্ধ বিমান ক্ৰয়ৰ বাবে চূড়ান্ত কৰা হৈছে চুক্তি।
ভাৰতীয় প্ৰতিৰক্ষা খণ্ডত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে হিন্দুস্তান এৰ’নটিক্স লিমিটেডে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সৈতে প্ৰায় ৬২,৩৭০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিলে হিন্দুস্তান এৰ’নটিক্স লিমিটেড চমুকৈ HAL এ। কিন্তু এই চুক্তি কিহৰ বাবে জানেনে? ৯৭খন তেজছ Mk-1A যুদ্ধ বিমান ক্ৰয়ৰ বাবে চূড়ান্ত কৰা হৈছে চুক্তি। এই চুক্তিক বৰ্তমানলৈকে তেজছৰ সৈতে জড়িত হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ আটাইতকৈ ডাঙৰ চুক্তি বুলি গণ্য কৰা হৈছে।
২০২৭-২৮ চনত তেজছ Mk-1A বিমানৰ ডেলিভাৰী আৰম্ভ হ’ব আৰু অহা ছয় বছৰত এই ডেলিভাৰী সম্পূৰ্ণ হ’ব। এই বিমানখন থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি সম্পূৰ্ণৰূপে বিকশিত কৰা হ’ব। ই উন্নত AESA ৰাডাৰ, আত্মৰক্ষা কৱচ, উন্নত নিয়ন্ত্ৰণ ব্যৱস্থাৰ দৰে আধুনিক প্ৰযুক্তিৰে সজ্জিত হ’ব তেজছ Mk-1A। এই চুক্তিত ৬৪%তকৈ অধিক থলুৱা সামগ্ৰী অন্তৰ্ভুক্ত হ’ব আৰু ইয়াৰ নিৰ্মাণৰ কাম কৰিব প্ৰায় ১০৫টা ভাৰতীয় কোম্পানীয়ে।
এই প্ৰকল্পই প্ৰতি বছৰে প্ৰায় ১১,৭৫০ জন লোকক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে ভাৰতৰ মহাকাশ খণ্ডক আৰু অধিক শক্তিশালী কৰি তুলিব। ভাৰতীয় বায়ুসেনাত তেজছ Mk-1Aক অন্তৰ্ভুক্ত কৰিলে ইয়াৰ শক্তি যথেষ্ট বৃদ্ধি পাব, তথা চীন আৰু পাকিস্তানৰ দৰে বিৰোধীক শক্তিশালী সঁহাৰি প্ৰদান কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব।
HAL এ আমেৰিকাৰ কোম্পানী জেনেৰেল ইলেক্ট্ৰিক (GE)ৰ পৰা প্ৰায় ৫,৩৭৫ কোটি টকাত GE–F404 ইঞ্জিন অৰ্ডাৰ কৰিছে। এতিয়ালৈকে তিনিটা ইঞ্জিন লাভ কৰা হৈছে, চলিত বছৰৰ শেষলৈকে আৰু সাতটা ইঞ্জিন পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত GE এ বছৰি প্ৰায় ২০টা ইঞ্জিন যোগান ধৰিব। নতুন চুক্তিৰ অধীনত HAL এ GEৰ সৈতে প্ৰায় ১ বিলিয়ন ডলাৰৰ আৰু ১১৩টা ইঞ্জিনৰ বাবে চুক্তিবদ্ধ হ’ব।
বৰ্তমান HAL ৰ বছৰি ১৮খন বিমান উৎপাদন কৰাৰ ক্ষমতা আছে। ইয়াৰ লক্ষ্য হৈছে বছৰি ২৪ৰ পৰা ৩০খন বিমান উৎপাদনলৈ এই ক্ষমতা বৃদ্ধি কৰা। বেংগালুৰু আৰু নাচিকৰ তিনিটা উৎপাদন লাইন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে, আৰু কেইবাটাও ব্যক্তিগত কোম্পানীও এই যোগান শৃংখলৰ সৈতে জড়িত।